July 11, 2024 7:56 PM

views 39

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনাৰ উদ্দেশ্যে নির্বাচনী বিষয়াৰ বৈঠক

জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্ত নীতেশ ব্যাস আৰু ধর্মেন্দ্ৰ শৰ্মা নেতৃত্বাধীন নির্বাচন আয়োগৰ এটা ৬ জনীয়া দলে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনা চলোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ সকলো জিলা নির্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰ পূৰ্বে আয়োগৰ দলটোৱে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু অন্য বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্তদ্বয়ে বিষয়াসকলক ভোটাৰ তালিকাৰ সংশোধনৰ সময়ত সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনত ২৫ জুনৰ পৰা ভোটাৰ তালিকাৰ সংশো...

July 10, 2024 11:57 AM

views 44

দেশৰ ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। পশ্চিম বংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলা, হিমাচল প্ৰদেশৰ হামিৰপুৰ, নালাগড়, উত্তৰাখণ্ডৰ আমৰৱাৰা, মেংগালোৰ, বিহাৰৰ ৰূপোলি, মধ্যপ্ৰদেশৰ অমৰৱাৰা, তামিলনাডুৰ বিক্ৰৱন্দী আৰু পঞ্জাৱৰ পশ্চিম জলন্ধৰ আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হৈছে। অহা শনিবাৰে আটাইকেইটা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব।

June 27, 2024 6:47 PM

views 73

নাগালেণ্ডত অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান

নাগালেণ্ডত কালি অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান হয়। ৰাজ্যখনৰ তিনিখন পৌৰসভা আৰু ২১ খন জিলা পৰিষদৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছিল। ২০ বছৰৰ বিৰতিৰ পাছত অনুষ্ঠিত এই নিৰ্বাচনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হৈছিল। নিৰ্বাচনত ২১৪ টা ৱাৰ্ডৰ ৪২০ টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছিল। ৩২৫ গৰাকী পুৰুষ আৰু ১৯৮ গৰাকী মহিলাকে ধৰি মুঠ ৫২৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

June 5, 2024 11:57 AM

views 55

ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা লাভ

বিজেপিয়ে ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসনাধিষ্ঠিত বিজু জনতা দলে ৫১খন আসন লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ১৪ খন আৰু চি পি আই এমে এখন আসনত জয়ী হৈছে। নিৰ্দলীয় প্রার্থীয়ে ৩ খন আসন পাইছে।

June 1, 2024 7:50 PM

views 70

লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমৰ নির্বাচনী সমীক্ষা প্রকাশ

আজি লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নির্বাচনী সমীক্ষা প্রকাশ কৰিছে। প্ৰাৰম্ভিক তথ্য অনুসৰি টাইমছ নাও নামৰ সংবাদ প্রতিষ্ঠানটোৱে কেবালাৰ কংগ্ৰেছ মিত্রজোটে ১৪ খন, বাওপন্থী মিত্রজোটে ৪খন আৰু বিজেপিয়ে এখন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। চি এন এন নিউজৰ তথ্য অনুসৰি তামিলনাডুৰ আই এন ডি এ গোটে ৩৬ ৰ পৰা ৩৯ খন আৰু বিজেপি মিত্রজোটে দুখন আসন লাভ কৰিব বুলি তথ্য প্ৰকাশ কৰিছে। বিপাবলিক টিভি আৰু পি এম এ আব কিউৰ মতে এন ডি এ মিত্রজোটে ৩৫৯ আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মিত...

June 1, 2024 1:57 PM

views 50

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটা লোকসভা সমষ্টিৰ অধীনৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুতিৰ বিষয়ে প্রকাশ কবি প্রশাসনে জনাইছে যে, ৪ জুনৰ পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ মুঠ ১৪ খন মেজত ১৬টা দফাত গণনা কার্য সম্পন্ন হ'ব। লোকসভা নিৰ্বাচনৰ ভোটগণনাক কেন্দ্ৰ কৰি ওদালগুৰি জিলা প...

May 28, 2024 7:51 PM

views 53

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ ময়দানত এখন নির্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে ৪ জুনৰ পাছত দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে অধিক তীব্ৰতৰ হৈ উঠিব। ঝাৰখণ্ড মুক্তিমৰ্চা আৰু কংগ্ৰেছে নিজৰ কাৰ...

May 13, 2024 10:55 AM

views 49

কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয় : ৰাহুল গান্ধী

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে, কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কালি একাংশ যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰি শ্রীগান্ধীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে প্ৰচাৰ অভিযানৰ সময়ত শাসকীয় দলে কর্ম সংস্থাপনহীনতাৰ ওপৰত আলোকপাত নকৰা বুলি অভিযোগ উত্থাপন কৰে। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আন এটা অনুষ্ঠানত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ শাসনকালত উত্তৰ-পূৰ্...

May 6, 2024 12:02 PM

views 66

চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

◊ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কালি চত্তিশগড়ৰ সুৰজপুৰ চহৰত এখন জনসভাক সম্বোধন কৰে। তেওঁ কয় যে, কেন্দ্ৰত থকা বিজেপি চৰকাৰে উন্নয়নৰ নতুন পৰিসৰ স্থাপন কৰিছে। বিগত ১০ বছৰত দেশৰ বেছিভাগ অঞ্চলৰ পৰাই নক্সালবাদ নিৰ্মূল কৰা হৈছে বুলি বিজেপিৰ সভাপতিগৰাকীয়ে মত প্রকাশ কৰে। তেওঁ উল্লেখ কৰে যে, অভিলাসী জিলা কার্যসূচী, গ্রাম বিকাশ আৰু একলব্য আদর্শ বিদ্যালয় আদিৰ দৰে মোদী চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ জৰিয়তে জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ নতুন ধাৰা মুকলি কৰা হৈছে। তেওঁ লগতে বিজেপি চৰকাৰে জনজাতীয়...

May 3, 2024 12:20 PM

views 53

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ প্রতিনিধি দলৰ নিৰ্বাচন আয়োগক সাক্ষাৎ

◊ কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ অন্য দলসমূহে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ তুলি বিজেপিয়ে নির্বাচন আয়োগৰ কাষ চাপিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ, সুধাংশু ত্ৰিৱেদী আৰু ওম প্ৰকাশক লৈ গঠিত বিজেপিৰ এটা প্রতিনিধি দলে কালি বিষয়টো লৈ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীত্ৰিৱেদীয়ে কয় যে দলে এনে ধৰণৰ ঘটনাৰ ১৫টা উদাহৰণ দাঙি ধৰিছে আৰু এই উদাহৰণসমূহ সাধাৰণ নহয়, বৰং কংগ্ৰেছে পৰিকল্পিতভাৱে এই তথ্যসমূহ প্ৰচাৰ কৰিছে। কংগ্ৰেছ আৰু মিত্ৰদলৰ নেতাসকলে অবিৰতভাৱে কৰা বিবৃতিক ...