হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত মুঠ এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ৯৩০জন পুৰুষ আৰু ১০১গৰাকী মহিলা প্রার্থী আছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে এই প্ৰাৰ্থীসকলৰ ভিতৰত ৪৬৪গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে। কাইলৈ ৰাজ্যখনৰ ২ কোটিতকৈও অধিক ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে এই নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে মুঠ ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্রহণ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব।
Assamese | October 4, 2024 2:53 PM | #Hariyana | 1st phase election | Election
হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত