November 30, 2024 8:16 PM

views 55

হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতা

চৰাইদেউ জিলাৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শুভ্রনীল সন্দিকৈ আৰু ছাত্ৰ শিৱানী গগৈসহ শিক্ষক আব্দুল মালিকৰ দলটোৱে হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা হ'বলগীয়া ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলগীয়া দলটোক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয়।

October 9, 2024 5:46 PM

views 67

হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছে। তেওঁ কয় যে, উন্নয়নৰ বিষয়টোক লৈ হাৰিয়ানাৰ জনসাধাৰণে বিজেপিক জয়লাভৰ ক্ষেত্ৰত হেটট্ৰিক অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিছে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত দলটোৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত দলীয়া কৰ্মীসকলৰ এখন সভাত শ্ৰী মোদীয়ে হাৰিয়ানাৰ লগতে জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে, বিজেপি কেৱল বিশ্বৰ সর্ববৃহৎ দলেই নহয়, ই সর...

October 7, 2024 11:13 AM

views 62

হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন

● হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে, ২২ খন জিলাৰ সদৰসমূহত এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। কাল্‌ল্কা আৰু পঞ্চকুলা সমষ্টিৰ ভোটগণনা পঞ্চকুলাত, নাৰায়ণগড়, আম্বালা কেন্টনমেণ্ট, আম্বালা চিটী আৰু মুল্লানা আসন কেইখনৰ বাবে আম্বালাৰ চাৰিটা কেন্দ্ৰত আৰু য়মুনা নগৰ জিলাৰ চাৰিখন আসনৰ বাবে য়মুনা নগৰৰ কেন্দ্ৰসমূহত ভোটগণনা কৰা হ'ব বুলি তেওঁ সদৰী কৰে। তেওঁ লগতে কয় যে, সকলো স্ট্রং ৰূম চি চি টিভিৰ পৰ্যবেক্ষণত ...

October 7, 2024 11:08 AM

views 54

কাইলৈ হাৰিয়ানা, জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

হাৰিয়ানা তথা জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই উপলক্ষে প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ৯০ খন আসনৰ বাবে কাইলৈ হ'বলগীয়া ভোটগ্রহণ উপলক্ষে জিলা সদৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, ২০১৯ চনত সংবিধানৰ ৩৫ এ আৰু ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত কেন্দ্ৰীয়শাসিত অঞ্চলটোত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ১০ বছৰৰ বিৰতিৰ পাছত অঞ্চলটোত শেহতীয়াকৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত নির্বাচনত বিপুল সং...

October 6, 2024 8:35 PM

views 41

হাৰিয়ানা বিধানসভা নিৰ্বাচনত ৬৬.৯৬ শতাংশ ভোটগ্রহণ

নির্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত তথ্য অনুসৰি হাৰিয়ানাত ৬৬.৯৬ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ ভিতৰত ফতেহাবাদ জিলাত সৰ্বাধিক ৭৪.৫১ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ বিপৰীতে ফৰিদাবাদ জিলাত সর্বনিম্ন ৫৫.৪৬ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ৰাজ্যখনত পৰহিলৈ ভোটগণনা কৰা হ'ব। ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত ই ভি এম সমূহ কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে। সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত ই ভি এম সমূহ ষ্ট্ৰং ৰুমত ৰখাৰ অন্তত কোঠাসমূহ ছীল কৰা হয়। এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাও উপস্থিত থাকে। মুখ্য নিৰ্বাচনী বিষয়া পং...

October 6, 2024 11:32 AM

views 50

হাৰিয়ানা বিধানসভাৰ ৬৭ শতাংশ ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত

হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰ বাবে কালি অনুষ্ঠিত নির্বাচনত প্রায় ৬৭ শতাংশ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে। এটা পৰ্যায়ত অনুষ্ঠিত এই ভোটগ্রহণ যথেষ্ট শান্তিপূর্ণ আছিল। সকলো বয়সৰ ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটগ্রহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে কালিৰ নিৰ্বাচনত ১০০ বছৰ ঊৰ্ধৰ ভোটদাতাৰ লগতে বহুসংখ্যক বয়োজ্যেষ্ঠ ভোটদাতাই ভোটদান কৰে। মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰৰ লগতে নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ড০ সুখবীৰ সিং সান্ধুৱে সমগ্ৰ নিৰ্বাচনী প্রক্...

October 5, 2024 1:17 PM

views 53

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালাই কৈছে যে, ভোটগ্রহণ মুক্ত, স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ লগতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে, যদিহে কোনো ভোটাৰৰ ভোটাৰ তালিকাত নাম নাই আৰু তেওঁৰ হাতত ...

October 5, 2024 9:43 AM

views 68

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। কিছু সময় আগতে আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালাই কৈছে যে, ভোটগ্রহণ মুক্ত, স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ লগতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে, যদিহে কোনো ভোটাৰৰ ভোটা...

October 4, 2024 2:53 PM

views 53

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ৯৩০জন পুৰুষ আৰু ১০১গৰাকী মহিলা প্রার্থী আছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে এই প্ৰাৰ্থীসকলৰ ভিতৰত ৪৬৪গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে। কাইলৈ ৰাজ্যখনৰ ২ কোটিতকৈও অধিক ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে এই নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে মুঠ ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্রহণ পুৱা...

September 14, 2024 2:43 PM

views 63

প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এখন নির্বাচনী সভাত ভাষণ দিব। এইখন হৈছে হাৰিয়ানাত প্রধানমন্ত্ৰীৰ প্ৰথমখন নির্বাচনী সভা। মুঠ ৯০খন আসন বিশিষ্ট হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন ৫ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ৮ অক্টোবৰত ভোটগণনা কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ২০১৪ চনত প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ ক্ষমতালৈ অহা বিজেপিয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে এইবাৰ ক্ষমতা ...