হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰ বাবে কালি অনুষ্ঠিত নির্বাচনত প্রায় ৬৭ শতাংশ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে। এটা পৰ্যায়ত অনুষ্ঠিত এই ভোটগ্রহণ যথেষ্ট শান্তিপূর্ণ আছিল। সকলো বয়সৰ ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটগ্রহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে কালিৰ নিৰ্বাচনত ১০০ বছৰ ঊৰ্ধৰ ভোটদাতাৰ লগতে বহুসংখ্যক বয়োজ্যেষ্ঠ ভোটদাতাই ভোটদান কৰে। মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰৰ লগতে নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ড০ সুখবীৰ সিং সান্ধুৱে সমগ্ৰ নিৰ্বাচনী প্রক্রিয়া সূক্ষ্মভাৱে নিৰীক্ষণ কৰে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ ৮৫ বছৰ ঊৰ্ধৰ ভোটদাতাৰ লগতে বিশেষভাৱে সক্ষম ভোটদাতাসকলৰ বাবে ঘৰৰ পৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰা হয়।
Assamese | October 6, 2024 11:32 AM | #Hariyana
হাৰিয়ানা বিধানসভাৰ ৬৭ শতাংশ ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত