হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। কিছু সময় আগতে আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালাই কৈছে যে, ভোটগ্রহণ মুক্ত, স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ লগতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে, যদিহে কোনো ভোটাৰৰ ভোটাৰ তালিকাত নাম নাই আৰু তেওঁৰ হাতত ভোটাৰ পৰিচয় পত্ৰও নাই তেন্তে নির্বাচন আয়োগৰ নিৰ্দেশনাত উল্লেখ থকা ১২ বিধ বিকল্প পৰিচয় পত্ৰৰ যিকোনো এখন দেখুৱাই ভোটদান কৰিব পাৰিব। এই পৰিচয় পত্ৰবোৰৰ ভিতৰত আধাৰ কাৰ্ড, এমএনৰেগা জব কার্ড, ড্রাইভিং লাইচেন্স, পান কাৰ্ড আৰু ভাৰতীয় পাছপ’ৰ্টও আছে।
Assamese | October 5, 2024 9:43 AM | #Hariyana | Election
হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত