October 4, 2024 2:53 PM

views 53

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ৯৩০জন পুৰুষ আৰু ১০১গৰাকী মহিলা প্রার্থী আছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে এই প্ৰাৰ্থীসকলৰ ভিতৰত ৪৬৪গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে। কাইলৈ ৰাজ্যখনৰ ২ কোটিতকৈও অধিক ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে এই নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে মুঠ ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্রহণ পুৱা...

April 22, 2024 5:53 PM

views 65

পৰহিলৈ অৰুণাচল প্ৰদেশত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পৰহিলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ভোটগ্রহণ কেন্দ্ৰকেইটাত যোৱা ১৯ এপ্রিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল যদিও নির্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্রহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ দুটা আৰু নাছ' বিধানসভা সমষ্টিৰ চাৰিটা কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব।

April 20, 2024 7:55 PM

views 45

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা মাজত ই ভি এমসমূহ ৰখাৰ ব্যৱস্থা

প্ৰথম পৰ্যায়ত কালি ৰাজ্যখনত লোকসভা নির্বাচন অনুষ্ঠিত ৫ টা সমষ্টিৰ অন্তর্গত ১৪ খন জিলাত ভোটগ্রহণ হোৱা ই ভি এমসমূহ ২৫ টা স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। অসম আৰক্ষীৰ শীর্ষ বিষয়াই প্ৰকাশ কৰা মতে, ষ্ট্ৰংক্ৰমসমূহত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰাৰ লগতে চি চি কেমেৰাৰ দ্বাৰা নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ই ভি এমসমূহ ৰখাৰ ক্ষেত্ৰত প্ৰতিটো ব্যৱস্থাই গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে, কালি ৰাজ্যখনৰ ৫ টা সমষ্টিত শান্তিপূর্ণভাবে আৰু ...

April 17, 2024 8:01 PM

views 62

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'বলগীয়া মিজোৰামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষা ৰাখি অসমৰ ৰাজ্যপালৰ নিৰ্দেশমৰ্মে আজি বিয়লি ৪ বজাৰ বৰা কৰিমগঞ্জ জিলাত ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। জনপ্রতিনিধিত্ব আইন ১৯৫১ আৰু অসম আবকাৰী আইন অনুসৰি মিজোৰামৰ সীমান্তৱৰ্তী অসমৰ অঞ্চলসমূহত নিচাজাতীয় দ্ৰব্যৰ পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইপিনে লখিমপুৰ জিলা প্ৰশ...

April 17, 2024 7:59 PM

views 42

৫ টা সমষ্টিত হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ

প্রথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত অৰ্থাৎ‍ পৰহিলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই পৰ্যায়ত ৰাজ্যখনৰ ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নির্বাচন বিভাগসমূহে ভোটগ্রহণ প্ৰক্ৰিয়া নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। ভোটগ্রহণ কেন্দ্ৰসমূহত পর্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচা...

April 17, 2024 7:56 PM

views 84

আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজাৰ পাছত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব নোৱাৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত আজি ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা প্ৰচাৰ কৰিব নোৱাৰিব প্রাক নির্বাচনী সমীক্ষা, নির্বাচনী সমীক্ষা, জ্যোতিষীৰ ভৱিষদ্বাণী প্ৰচাৰ কৰিব নোৱাৰিব। জনপ্রতিনিধি আইন ১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়ৰে ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব। আজি সন্ধ...

April 17, 2024 7:54 PM

views 44

প্ৰথম পৰ্যায়ত পৰহিলৈ দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত ভোটগ্রহণ

পৰহিলৈ প্ৰথম পৰ্যায়ত দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰো আজি সামৰণি পৰে। অসমৰ ৫ খন লোকসভা আসনতো পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই ৫খন আসনত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আটাইকেইখন আসনতে ভাৰতীয় জনতা পাৰ্টী আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ মাজত প্ৰত্যক্ষ প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। এই দুই মিত্ৰজোঁটৰ লগতে আম আদমী পাৰ...

April 17, 2024 7:52 PM

views 42

ৰাজ্যত প্ৰচাৰ অভিযানৰ অন্তিম দিনা ৫টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি ৰাজ্যখনৰ নিৰ্বাচন হ'বলগীয়া ৫টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হয়। পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্ৰেছ দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে আজি শিলচৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত নেত্ৰীগৰাকীয়ে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক তীব্র সমালোচনা কৰে। তেওঁ বিজেপিক গণতান্ত্ৰিক প্ৰমূল্যৰ পৰিপন্থী বুলিও সমালোচনা কৰে । বিজেপি নেতা তথা ম...