April 22, 2024 5:53 PM | 1st phase election

printer

পৰহিলৈ অৰুণাচল প্ৰদেশত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পৰহিলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে এই ভোটগ্রহণ কেন্দ্ৰকেইটাত যোৱা ১৯ এপ্রিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল যদিও নির্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্রহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ দুটা আৰু নাছ’ বিধানসভা সমষ্টিৰ চাৰিটা কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব।