October 22, 2024 3:24 PM

views 59

চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে, চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছে। তেওঁ কয় যে, ২০১৯ চনত এই মিছন আৰম্ভ কৰাৰ সময়ত গ্ৰাম্যাঞ্চলৰ মাত্ৰ...

October 22, 2024 7:58 AM

views 56

ৰাষ্ট্ৰপতি মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্ৰেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ –আদি ৯ টা শাখাত ৩৮টা বঁটা প্ৰদান কৰিব। শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত ওড়িশাই প্রথম, উত্তৰ প্রদেশে দ্বিতীয় আৰু গুজৰাট আৰু পুডুচেৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে চৰকাৰৰ জল সমৃদ্ধ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰা বা প্...

October 14, 2024 6:10 PM

views 47

ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৰ দ্বিপাক্ষিক বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে আলজেৰিয়ান-ভাৰত অর্থনৈতিক সন্মিলনতো অংশগ্ৰহণ কৰে। শ্রীমতী মুর্মু কালি আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আব্দেলমজিদ টেবুনে তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিগৰাকীয়ে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত যোৱা নিশা আলজেৰিয়াৰ ৰ...

October 12, 2024 4:38 PM

views 58

১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মৰ্মুৱে কাইলৈৰ পৰা ১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ'ব। এয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তিনিখন আফ্রিকান দেশ ভ্ৰমণ কৰা প্ৰথমটো যাত্ৰা ৷ ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্রিকান সংঘই জি-২০ত স্থায়ী সদস্য হিচাপে স্থান লাভ কৰাৰ এবছৰৰ পাছত কৰা এয়া হৈছে প্রথমটো ঐতিহাসিক যাত্ৰা। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ আলজেৰিয়াৰ ৰাষ্ট্ৰপতি আব্দেলমছজিদ টেবনৰ লগত দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতিয়ে ল...

October 9, 2024 9:01 PM

views 72

দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতি এবদেলমাদজিদ টেববওনিৰ আমন্ত্রণমর্মে ১৩ৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় চিডি আবডেল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি প'ল বিশ্ববিদ্যালয়ত ভাৰত-আলজেৰিয়া অর্থনৈতিক ফ'ৰামত ভাষণ দিব। ভাৰত আৰু আলজেৰিয়াই ব...

October 9, 2024 5:50 PM

views 77

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান, এ আই আই এ-ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও যাদৱ আৰু দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনায়েও অংশগ্ৰহণ কৰে।

September 28, 2024 8:01 PM

views 83

সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলে৷ আজি হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ প্ৰতি সামাজিক ন্যায় প্ৰদানৰ হকে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে ছাত্ৰীসকলক তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰাৰ লগতে মহিলা সৱলীকৰণৰ দিশে তেওঁলোকক কাম কৰি যাবলৈ আহ্বান জনায়। মহিলাৰ ব...

September 11, 2024 2:47 PM

views 45

ৰাষ্ট্ৰপতি ভৱনত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত নাৰ্ছসকলক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৭৩ চনত এই বঁটা প্ৰৱৰ্তন কৰিছিল। ৰোগীসকলৰ প্ৰতি সেৱা আগবঢ়োৱা নাৰ্ছিং বৃত্তি তথা নাৰ্ছসকলৰ উৎসৰ্গিত মনোবৃত্তিৰ প্ৰতি স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে এই বঁটা আগবঢ়াই অহা হৈছে।

September 3, 2024 5:53 PM

views 60

শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিতঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিত, কিয়নো দেশৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকো গুৰুত্বপূৰ্ণ অংশ। আজি পুনেত ছিম্বায় 'ছিছ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ লিংগ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়খনে সর্বাংগীন উন্নয়নৰ দিশত কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু ১১ গৰাকী সোণৰ পদক প্রাপ্ত শিক্ষাৰ্থীৰ ভিতৰত ৮ গৰাকীয়ে ছোৱালী বুলি উল্লেখ কৰে। তেওঁ শৈক্ষিক প্ৰতিষ্ঠানসমূহে মূল্...

August 8, 2024 2:15 PM

views 44

ৱেলিংটন ৰে’ল ষ্টেচনৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৱেলিংটন ৰে'ল ষ্টেচনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন কৰে। তেওঁৰ সৈতে লোকসভাৰ সাংসদ যুগল কিশোৰ শৰ্মা আৰু সৌমিত্ৰা খানৰ লগতে নিউজিলেণ্ডৰ গৱর্নৰ জেনেৰেল ডেম চিন্দি কিৰো আৰু মিনিষ্টাৰ অব্ ষ্টেট জৰ্জ কুৰিয়ান উপস্থিত থাকে। ইপিনে, আজি পুৱা নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা ৱেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰে। তে...