October 12, 2024 4:38 PM

views 57

১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মৰ্মুৱে কাইলৈৰ পৰা ১৯ অক্টোবৰলৈ আলজেৰিয়া, মৰিটানিয়া আৰু মালাৱি ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাওনা হ'ব। এয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তিনিখন আফ্রিকান দেশ ভ্ৰমণ কৰা প্ৰথমটো যাত্ৰা ৷ ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্রিকান সংঘই জি-২০ত স্থায়ী সদস্য হিচাপে স্থান লাভ কৰাৰ এবছৰৰ পাছত কৰা এয়া হৈছে প্রথমটো ঐতিহাসিক যাত্ৰা। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ আলজেৰিয়াৰ ৰাষ্ট্ৰপতি আব্দেলমছজিদ টেবনৰ লগত দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতিয়ে ল...

October 9, 2024 9:01 PM

views 71

দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতি এবদেলমাদজিদ টেববওনিৰ আমন্ত্রণমর্মে ১৩ৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় চিডি আবডেল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি প'ল বিশ্ববিদ্যালয়ত ভাৰত-আলজেৰিয়া অর্থনৈতিক ফ'ৰামত ভাষণ দিব। ভাৰত আৰু আলজেৰিয়াই ব...

October 9, 2024 5:50 PM

views 76

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান, এ আই আই এ-ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও যাদৱ আৰু দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনায়েও অংশগ্ৰহণ কৰে।

September 28, 2024 8:01 PM

views 83

সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলে৷ আজি হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ প্ৰতি সামাজিক ন্যায় প্ৰদানৰ হকে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে ছাত্ৰীসকলক তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰাৰ লগতে মহিলা সৱলীকৰণৰ দিশে তেওঁলোকক কাম কৰি যাবলৈ আহ্বান জনায়। মহিলাৰ ব...

September 11, 2024 2:47 PM

views 44

ৰাষ্ট্ৰপতি ভৱনত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত নাৰ্ছসকলক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৭৩ চনত এই বঁটা প্ৰৱৰ্তন কৰিছিল। ৰোগীসকলৰ প্ৰতি সেৱা আগবঢ়োৱা নাৰ্ছিং বৃত্তি তথা নাৰ্ছসকলৰ উৎসৰ্গিত মনোবৃত্তিৰ প্ৰতি স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে এই বঁটা আগবঢ়াই অহা হৈছে।

September 3, 2024 5:53 PM

views 60

শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিতঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিত, কিয়নো দেশৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকো গুৰুত্বপূৰ্ণ অংশ। আজি পুনেত ছিম্বায় 'ছিছ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ লিংগ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়খনে সর্বাংগীন উন্নয়নৰ দিশত কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু ১১ গৰাকী সোণৰ পদক প্রাপ্ত শিক্ষাৰ্থীৰ ভিতৰত ৮ গৰাকীয়ে ছোৱালী বুলি উল্লেখ কৰে। তেওঁ শৈক্ষিক প্ৰতিষ্ঠানসমূহে মূল্...

August 8, 2024 2:15 PM

views 43

ৱেলিংটন ৰে’ল ষ্টেচনৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৱেলিংটন ৰে'ল ষ্টেচনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন কৰে। তেওঁৰ সৈতে লোকসভাৰ সাংসদ যুগল কিশোৰ শৰ্মা আৰু সৌমিত্ৰা খানৰ লগতে নিউজিলেণ্ডৰ গৱর্নৰ জেনেৰেল ডেম চিন্দি কিৰো আৰু মিনিষ্টাৰ অব্ ষ্টেট জৰ্জ কুৰিয়ান উপস্থিত থাকে। ইপিনে, আজি পুৱা নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা ৱেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰে। তে...

August 8, 2024 12:59 PM

views 48

ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে। নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা বেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পুৱা দুদিনীয়া নিউজিলেণ্ড ভ্রমণসূচীৰে দেশখনৰ ৰাজধানী ৱেলিংটনত উপস্থিত হয়। তাত তেওঁ দেশখনৰ গৱৰ্ণৰ জেনেৰেল ডেম চিন্দি কিবোৰ উপস্থিতিত ৰয়েল গ...

August 7, 2024 8:11 PM

views 66

পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে, ফোগতৰ অসাধাৰণ সাফল্যই দেশক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অলিম্পিকত ফোগতক অযোগ্য ঘোষণা কৰাটো দেশৰ বাবে দুখজনক যদিও তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৃদয়ত ছেম্পিয়ন হৈ থাকিব। ফোগত ভাৰতীয় মহিলাসকলৰ কেতিয়াও হাৰ নমনাৰ মানসিকতাৰ প্ৰতিক বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেঁও কয় যে, খেলুৱৈগৰাকী ভৱিষ্যতে বিশ্ব ছেম্পিয়ন হ'বলগীয়া ভাৰ...

August 3, 2024 2:10 PM

views 58

ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত কালি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰাচ্যৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্টে ভ্রমণ। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে এই তিনিওখন দেশক এক্ট ইষ্ট নীতিৰ আওতাত পৰে বুলি সদৰি কৰে। ৰাষ্...