February 6, 2025 7:35 PM

views 56

আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ : মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয়, যে আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ। তেওঁ কয়, যদিহে নিজৰ দেশৰ লোক অন্য দেশত অবৈধভাৱে বসবাস কৰে তেন্তে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনমতে সাধাৰণভাৱে গ্ৰহণযোগ্য নীতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নাগৰিকক বিতাড়ণ সন্দৰ্ভত ৰাজ্যখনত বক্তব্য প্ৰদান কৰি বিদশ মন্ত্ৰী ড০ জয়শংকৰে এইদৰে কয়। বিতাড়ণৰ প্ৰক্ৰিয়াটো নতুন নহয় বুলি মন্তব্য কৰি বিদেশমন্ত্ৰীগৰাকীয়ে ই এক ধাৰাবাহিক প্ৰক্ৰিয়া বুলি কয়। তেওঁ সদনত ভাৰতীয় নাগৰিকৰ বিতাড়ণ সম্পৰ্কীয় তথ্য প্...

January 15, 2025 10:50 AM

views 76

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিডৰ স্পেইন-ভাৰত কাউন্সিল ফাউণ্ডেচনত আয়োজিত পৰিৱৰ্তিত বিশ্বৰ বাবে কৌশলগত সহযোগিতা শীর্ষক এখন আলোচনাত মিলিত হয়। ড০ জয়শংকৰে দিয়া এটা বাৰ্তাত ভাৰত আৰু স্পেইনৰ সহযোগিতা সংঘৰ্ষজৰ্জৰ বিশ্ব অর্থনীতিৰ শক্তিশালীকৰণ আৰু মেধা সম্পন্ন লোকৰ প্ৰশিক্ষণ তথা আহ-যাহন নিশ্চিতিৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আলোকপাত কৰে। তেওঁ লগতে ইউৰোপীয় সংঘক লেটিন আমেৰিকা আৰু ভূমধ্য সাগৰীয় এলেকাৰ সৈতে ভাৰতৰ ...

January 14, 2025 10:46 AM

views 80

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ’ছে মেনুৱেল আলবেৰাছৰ সৈতে মাদ্রিডত বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্রিডত এটা আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে জনায় যে বৈঠকত বাণিজ্যি, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, নগৰ উন্নয়ন, ৰে'লৱে আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক অংশীদাৰিত্বৰ ওপৰত আলোচনা কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পর্ক উন্নত কৰাৰ বাবে স্পেইনৰ ভূমিকাক ভাৰতে শলাগ লৈছে। ড০ জয়শংকৰে উল্লেখ কৰে যে দুয়োখন দেশে ক্রীড়া আৰু বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰ...

January 12, 2025 7:02 PM

views 55

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডোনাল্ড ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। অহা ২০ জানুৱাৰীত ডোনাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। এই ভ্রমণকালত ড০ জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ প্রতিনিধি আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে বৈঠকত মিলিত হ'ব।

January 2, 2025 9:45 AM

views 60

কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

● বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তিনি-দিনীয়া ভ্রমণসূচীৰে সোমবাৰে কাৰ্টাৰত উপস্থিত হোৱা ড০ জয়শংকৰৰ এয়া এই বছৰৰ প্ৰথম কূটনৈতিক আলোচনা আছিল। বিদেশ মন্ত্ৰীগৰাকীৰ এই যাত্ৰাই ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, সুৰক্ষা, সংস্কৃতি আৰু জনসম্পৰ্কৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰে।

December 28, 2024 9:37 PM

views 58

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণকালত যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি তথা পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড০ জয়শংকৰে কয়, যে এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু সাম্প্রতিক বিশ্বৰ বিভিন্ন বিষয় লৈ বিস্তৃত আলোচনাত মিলিত হয়। ড০ জয়শংকৰে লগতে নেতাগৰাকীৰ সৈতে সহযোগিতাৰে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

December 24, 2024 10:14 AM

views 61

৬ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ৬দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্ৰমণকালত তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ড° জয়শংকৰে দেশখনৰ কনচুল জেনেৰেলছ অৱ ইণ্ডিয়াৰ এখন সন্মিলনত অধ্যক্ষতা কৰিব।

December 13, 2024 8:17 PM

views 86

পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছেঃ ড০ এছ জয়শংকৰ

চৰকাৰে ২০১৪ চনৰে পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি লোকসভাৰ প্ৰশ্নকালত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দূতাবাসৰ সৈতে যোগাযোগ ৰক্ষা সন্দৰ্ভত ভাৰত আৰু পাকিস্তানৰ সৈতে ২০০৮ চনত স্বাক্ষৰিত চুক্তিৰ অধীনত দুয়োখন দেশে পৰস্পৰৰ কাৰাগাৰত বন্দী হৈ থকা অসামৰিক লোক আৰু মাছমৰীয়াসকলৰ তালিকা বিনিময় কৰি আহিছে। প্ৰতি বছৰে পহিলা জানুৱাৰী আৰু পহিলা জুলাইত এই তালিকা বিনিময় কৰা...

December 8, 2024 7:59 PM

views 64

বাহৰেইণত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ প্ৰদান

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাহৰেইণৰ ৰাজধানী মানামাত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত ভাৰতৰ পশ্চিম এছিয়াৰ বিষয়সমূহ সমাধানৰ বাবে সৰ্বাত্মক কৌশল আছে বুলি প্ৰকাশ কৰিছে। মানামা আলোচনাৰ সামৰণিৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰসংগত ড০ জয়শংকৰে ভূমধ্য সাগৰীয় দেশসমূহৰ সৈতে ৮ হাজাৰৰ পৰা ৯ হাজাৰ কোটি ডলাৰ পৰিমাণৰ বাণিজ্যৰ সমান্তৰালকৈ উপসাগৰীয় সহযোগিতা পৰিষদ, ইৰাণ আৰু ইৰাকৰ সৈতে ১৭ হাজাৰ কোটিৰ পৰা ১৮ হাজাৰ কোটি ডলাৰ পৰিমাণৰ বার্ষিক বাণিজ্য অব্যাহত থকা বুলি সদৰি কৰে। ড০ জয়শংকৰে কয়, যে ভূমধ্...

December 8, 2024 5:41 PM

views 46

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাইঃ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই। কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে এই কথা উল্লেখ কৰে। ড° জয়শংকৰে লগতে কয় যে, এই বিষয়ত ব্রীক্স দেশসমূহৰ উমৈহতীয়া স্থিতি নাই । আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্পে ব্রীক্স দেশসমূহে উমৈহতীয়া মুদ্ৰাৰ পৰিকল্পনা আগবঢ়াই নিলে এশ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ এসপ্তাহৰ পাছত ড° এছ জয়শংকৰে এই মন্তব্য আগবঢ়ায় । উল্লেখযোগ্য য...