November 24, 2024 7:53 PM

views 53

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীৰ ৰোমত উপস্থিত হৈছে। তেওঁ ইটালীৰ ফিউগী ভ্ৰমণ কৰিব আৰু জি-ছেভেন বিদেশ মন্ত্ৰীৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত ভাৰতক অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে ৰোমত এম ই ডি ভূমধ্য সাগৰীয় আলোচনাৰ দশম সংস্কৰণতো অংগ্ৰহণ কৰিব। ড০ এছ জয়শংকৰে ৰোমত ভাৰতীয় দূতাবাসৰ নতুন চৌহদো মুকলি কৰিব।

November 24, 2024 11:30 AM

views 58

তিনিদিনীয়া ভ্রমণসূচীৰে ইটালীলৈ বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্রমণসূচীৰে আজি ইটালীলৈ ৰাওনা হব। ইটালীৰ ফিউগীত তেওঁ জি চেভেন বিদেশ মন্ত্রীগোটৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ বাবে ভাৰতক অতিথি ৰাষ্ট্ৰ হিচাপে আমন্ত্রণ জনোৱা হৈছে। এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ইটালীকে ধৰি অন্যান্য অংশগ্রহণকাৰী ৰাষ্ট্ৰসূহৰ সমকক্ষসকলক সাক্ষাৎ কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়তে বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰোমত অনুষ্ঠিত হ'বলগীয়া এম ই ডি ভূমধ্যসাগৰীয় আলোচনাৰ দশম সংস্কৰণতো...

November 4, 2024 5:55 PM

views 63

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি ড০ এছ জয়শংকৰে কয় যে, এই কনচ'লেট জেনেৰেলে কুইন্সলেণ্ডৰ সৈতে ভাৰতৰত সম্পৰ্ক শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰা আৰু শৈক্ষিক সংযোগ গঢ়ি তোলা তথা প্রবাসীসকলক সেৱা আগবঢ়োৱাত অৰিহণা যোগাব। মন্ত্ৰীগৰাকীয়ে এই উদ্বোধন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰমাৎ শক্তিশালী হৈ অহা দ্বিপাক্ষিক সম্পৰ্কৰ্ক মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ লগতে কয় যে, কনচ’লেট জেনেৰ...

November 3, 2024 8:30 PM

views 75

ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছেঃ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছে। অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ব্ৰীছবেনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, উচ্চ বিকাশৰ পথত অগ্ৰসৰ হৈছে আৰু দেশে বিশ্বৰ সৈতে আগবাঢ়িব বিচাৰে । তেওঁ কয় যে, ভাৰতৰ কেইখনমান বচা বচা দেশৰ সৈতে সর্বাত্মক কৌশলগত সম্পৰ্ক আছে আৰু অষ্ট্ৰেলিয়া তেনে এখন দেশ। শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গোলকীয় সহযোগিতাৰ অপাৰ...

November 3, 2024 11:46 AM

views 48

ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হব বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আজি ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে ব্ৰীছবেনলৈ যাব আৰু অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে কেনবেৰাত হ'বলগীয়া মন্ত্ৰীপৰ্যায়ৰ পঞ্চদশ পৰিকাঠামো বৈঠকত সহ-অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰীগৰাকীয়ে অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত হ'বলগীয়া দ্বিতীয় ৰাইছিনা ডাউন আণ্ডাৰ সন্মিলনৰ উদ্বোধনী সত্ৰতো মূল ভাষণ প্রদান কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ নেতৃবৰ্গ, সাংসদ, প্রবা...

October 6, 2024 8:48 PM

views 67

কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰাৰ লগতে ই উদ্ভাৱনীমূলকোঃ এছ জয়শংকৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰে আৰু এই কাৰণে কোৱাড অতি উদ্ভাৱনীমূলক হৈ পৰিছে। নতুন দিল্লীত আজি তৃতীয় কৌটিল্য অর্থনীতি সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, সন্ধি আধাৰিত সংস্থা নোহোৱাৰ বাবে কোৱাড সুবিধাজনক হৈ উঠিছে। তেওঁ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ডত কোৱাড অন্যতম মূল ব্যৱস্থা বুলি উল্লেখ কৰে। সকলো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ যোগাযোগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ড০ জয়শংকৰে কয় যে, ...

October 5, 2024 11:46 AM

views 55

ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ ইছলামাবাদলৈ যাব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে অহা ১৫ আৰু ১৬ অক্টোবৰত ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে ইছলামাবাদলৈ যাব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কালি বিয়লি দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা নিশ্চিত কৰে। জাকীৰ নায়কৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰা এজন লোকক পাকিস্তানে আদৰি লোৱা কাৰ্যত ভাৰত আচৰিত হোৱা নাই। তেওঁ এই আচৰণক গৰিহণাযোগ্য তথা হতাশাজনক আখ্যা দিয়ে।

September 26, 2024 10:25 AM

views 46

ৰাছিয়াৰ বিদেশ মন্ত্রীৰে ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে নিউয়র্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৭৯ সংখ্যক সাধাৰণ সভাৰ আপাহতে যোৱানিশা ৰাছিয়াৰ বিদেশ মন্ত্রী ছাৰ্গেই লেভৰভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড° জয়শংকৰে কয় যে, বৈঠকৰ সময়ত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আৰু বিভিন্ন আঞ্চলিক বিষয় লৈ আলোচনা কৰে। ড° জয়শংকৰে নিউজিলেণ্ডৰ বিদেশ মন্ত্রী উইনষ্টন পিটাকো সাক্ষাৎ কৰে। তেওঁ লগতে বেলজিয়ামৰ প্ৰধানমন্ত্রী আলেকজেণ্ডাৰ ডি ক্রুককো সাক্ষাৎ কৰে আৰু উৎপাদন আৰু প্রযুক্তি সহযো...

September 10, 2024 12:58 PM

views 54

দুদিনীয়া ভ্ৰমণসূচীৰে ডº এছ জয়শংকৰ আজি জাৰ্মানীত উপস্থিত

বিদেশ পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ জাৰ্মানীৰ বিদেশমন্ত্ৰী তথা অন্যান্য নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকৰ উদ্দেশ্য হৈছে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰা আৰু সহযোগিতা বৃদ্ধিৰ নতুন নতুন ক্ষেত্ৰৰ সন্ধান কৰা। উল্লেখযোগ্য যে জার্মানী হৈছে ভাৰতৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ তথা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অন্যতম উৎস। ডº জয়শংকৰে ইয়াৰ পূৰ্বে কালি পেলেষ্টাইনৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ দৃঢ় স্থিতিৰ কথা উল্লেখ...

September 3, 2024 6:04 PM

views 53

ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে এখন দৈনিক ইংৰাজী কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী জয়শংকৰে যোৱা দুটা দশকত দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে, দ্বিপাক্ষিক সম্পৰ্কৰ বাহিৰেও অস্থিৰ আৰু অনিশ্চিত পৃথিৱীখনত দুয়োখন দেশৰ সহযোগিতাৰ বিষয়টোও এটা উল্লেখযোগ্য দিশ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই ক্ষেত্ৰত দুয়োখন দেশে বিশ...