August 18, 2024 11:21 AM

views 63

তৃতীয় ভইচ অব্ গ্লোবেল চাউথ শীৰ্ষ সন্মিলনত খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হয়ঃ বিদেশমন্ত্ৰী  জয়শংকৰ

বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰতে ভার্চুৱেল ব্যৱস্থাৰে আয়োজন কৰা তৃতীয় ভইচ অব্ গ্লোবেল চাউথ শীৰ্ষ সন্মিলনত খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা হয়। সন্মিলনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ আৱশ্যকতাৰ কথা দোহাৰে ৷ তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ হকে দাবী বৃদ্ধি পোৱা বুলি উল্লেখ কৰে। সন্মিলনত সম্পদ, সহজে সম্পদ ব্যৱহাৰৰ সুবিধা আৰু কৰ্মসংস্থাপন তথা অর্থনৈতিক অসমতা বিষয়ক উদ্বেগক লৈও আলোচনা কৰা হয় বুলি বিদেশ মন...

August 11, 2024 8:06 PM

views 65

মালদ্বীপক ভাৰত মহাসাগৰ অঞ্চলৰ অন্যতম প্রধান মিত্ৰদেশ হিচাপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মন্তব্য

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ভাৰত আৰু মালদ্বীপৰ মাজৰ সহযোগিতাই পৰম্পৰাগত ভূমিকা অতিক্ৰমি আগুৱাইছে। তেওঁ মালদ্বীপক ভাৰত মহাসাগৰ অঞ্চলৰ অন্যতম প্রধান মিত্ৰদেশ হিচাপে অভিহিত কৰে। মালদ্বীপত অদ্দু ৰেক্লেমেশ্বন প্রকল্প আৰু অদ্দু শ্বৰ প্ৰটেকশ্বন প্রকল্প মুকলি কৰি ড০ জয়শংকৰে কয় যে, দুয়োখন দেশৰ মাজৰ উন্নয়ন সহযোগিতাই মালদ্বীপৰ জনসাধাৰণৰ জীৱন শৈলীৰ সকলো দিশ স্পৰ্শ কৰাৰ লগতে তেওঁলোকক উপকৃত কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে, অদ্দু ৰেক্লেমেশ্বন আৰু শ্ব'ৰ প্রটেকশ্বন প্...

August 10, 2024 7:23 PM

views 63

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰে ড০ জয়শংকৰৰ সাক্ষাৎকাৰ

বিদেশ মন্ত্রী এছ জয়শংকৰে কৈছে যে, মালদ্বীপ তথা অঞ্চলটোৰ জনসাধাৰণৰ উপকাৰৰ অর্থে দেশখনৰ সৈতে সম্পৰ্ক গভীৰ কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ। তিনি দিনীয়া ভ্রমণসূচীৰে মালদ্বীপলৈ যোৱা ড০ জয়শংকৰে দেশখনৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। ড০ জয়শংকৰে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘাছন মোমুনকো সাক্ষাৎ কৰে। তেওঁলোকে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা, সামুদ্রিক সুৰক্ষাৰ যুটীয়া উদ্যম আৰু অঞ্চলটোত শান্তি সুস্থিৰতা বৰ্তাই ৰখাৰ উমৈহতীয়া স্বার...

August 9, 2024 7:58 PM

views 52

ৰাছিয়াৰ সশস্ত্ৰ সেনাত ভাৰতীয় সেনাৰ নিয়োগ সন্দৰ্ভত মন্ত্ৰী ড০ এছ জয়শংকৰৰ লোকসভাত মন্তব্য

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয় যে ৰাছিয়াৰ সশস্ত্ৰ সেনাত ৯১ গৰাকী ভাৰতীয় নিয়োগ কৰা হৈছিল। লোকসভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৬০ এছ জয়শংকৰে কয় যে ইয়াৰে দুর্ভাগ্যজনকভাৱে ৮গৰাকী ভাৰতীয় জোৱানৰ মৃত্যু হৈছে আৰু ১৪ গৰাকীক অব্যাহতি দিয়া হৈছে। ৬৯গৰাকী ভাৰতীয় জোৱানে ৰাছিয়াৰ সেনাৰ পৰা অব্যাহতি বিচাৰিছে বুলি তেওঁ জনায়। বিষয়টো ভাৰতে গভীৰভাৱে লৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে তেওঁ এই সন্দৰ্ভত কেইবাবাৰো কথা পাতিছে। তেওঁ পুনৰ কয় যে যোৱা মাহত ৰাছ...

July 29, 2024 6:27 PM

views 83

টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। ড০ জয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে কৈছে যে, বৰ্তমানৰ সময় হৈছে প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ স্থিৰ, নিৰাপত্তা, প্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ প...

July 20, 2024 12:40 PM

views 49

ইউক্রেইনৰ বিদেশমন্ত্ৰীৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ বিভিন্ন বিষয় লৈ আলোচনা

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কালি বিয়লি ইউক্রেইনৰ বিদেশমন্ত্ৰীৰ সৈতে কথা পাতে আৰু পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, উভয় দেশৰ মাজৰ দ্বিপাক্ষিক আৰু প্ৰতিষ্ঠানগত তন্ত্রসহ ভালেমান ক্ষেত্ৰত ভালসম্পৰ্ক আছে। এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে মস্কোত অনুষ্ঠিত ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে আৰু হিংসা প্ৰভাৱিত নিৰীহ লোকৰ বিষয় সন্দ...

July 15, 2024 3:22 PM

views 48

ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছে। এই সম্পর্ক বিগত বছৰসমূহত অধিক সুদৃঢ় হৈ পৰিছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ চাৰিটা প্ৰকল্প ৰূপায়নৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত এটা বাৰ্তাত ড০ জয়শংকৰে প্রশান্ত মহাসাগৰৰ এই দ্বীপপুঞ্জ ক্ষুদ্র নহয় বৰং বৃহৎ সামুদ্রিক দেশ বুলি মন্তব্য কৰে। তেওঁ কয় যে, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰৰ দ্বীপসমূহৰ প্ৰতি ...

July 13, 2024 9:45 AM

views 48

থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক

● বিদেশ পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কালি দিল্লীত থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, ভৌতিক আৰু আৰ্থিক সংযোগ, পর্যটন আদি ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ড° জয়শংকৰে কয় যে তেওঁলোকে আঞ্চলিক, ভাৰত-আছিয়ান, ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ৰাষ্ট্ৰসংঘত সহযোগিতা আদি বিষয় সম্পৰ্কেও মত-বিনিময় কৰে ৷

July 6, 2024 8:13 PM

views 59

ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে ড০ এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে কয় যে দুয়োপক্ষৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ সম্পৰ্কত দুয়ো আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্ৰী লেমীৰ সৈতে আগলৈ ব্যক্তিগত বৈঠকৰ বাবে তেওঁ আগ্রহী।

June 23, 2024 8:57 PM

views 43

এয়াৰ ইণ্ডিয়াৰ ১৮২ নম্বৰ  বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৩২৯গৰাকী লোকলৈ ৩৯ সংখ্যক বাৰ্ষিকীত বিদেশ মন্ত্রী এছ জয়শংকৰৰ শ্ৰদ্ধাৰ্ঘ্য

বিদেশ মন্ত্রী এছ জয়শংকৰে আজি এয়াৰ ইণ্ডিয়াৰ ১৮২ নম্বৰ কনিষ্ক বিমান দুৰ্ঘটনাৰ ৩৯ সংখ্যক বাৰ্ষিকীৰ দিনা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৩২৯গৰাকী লোকলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। ১৯৮৫ চনৰ আজিৰ দিনটোতেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে এয়া সন্ত্ৰাসবাদৰ ইতিহাসৰ আটাইতকৈ শোকাবহ ঘটনা বুলি অভিহিত কৰিছে। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰিছে। বিদেশ মন্ত্ৰীগৰাকীয়ে কৈছে যে এই ঘটনাই সন্ত্রাসবাদক কিয় সহ্য কৰিব নালাগে সেই কথা সোঁৱৰাই দিয়ে।