September 3, 2024 6:04 PM
55
ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছেঃ ড০ এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে এখন দৈনিক ইংৰাজী কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী জয়শংকৰে যোৱা দুটা দশকত দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে, দ্বিপাক্ষিক সম্পৰ্কৰ বাহিৰেও অস্থিৰ আৰু অনিশ্চিত পৃথিৱীখনত দুয়োখন দেশৰ সহযোগিতাৰ বিষয়টোও এটা উল্লেখযোগ্য দিশ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই ক্ষেত্ৰত দুয়োখন দেশে বিশ...