বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ভাৰত আৰু মালদ্বীপৰ মাজৰ সহযোগিতাই পৰম্পৰাগত ভূমিকা অতিক্ৰমি আগুৱাইছে। তেওঁ মালদ্বীপক ভাৰত মহাসাগৰ অঞ্চলৰ অন্যতম প্রধান মিত্ৰদেশ হিচাপে অভিহিত কৰে। মালদ্বীপত অদ্দু ৰেক্লেমেশ্বন প্রকল্প আৰু অদ্দু শ্বৰ প্ৰটেকশ্বন প্রকল্প মুকলি কৰি ড০ জয়শংকৰে কয় যে, দুয়োখন দেশৰ মাজৰ উন্নয়ন সহযোগিতাই মালদ্বীপৰ জনসাধাৰণৰ জীৱন শৈলীৰ সকলো দিশ স্পৰ্শ কৰাৰ লগতে তেওঁলোকক উপকৃত কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে, অদ্দু ৰেক্লেমেশ্বন আৰু শ্ব’ৰ প্রটেকশ্বন প্ৰকল্পত ভাৰতে মালদ্বীপ চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ জৰিয়তে অদ্দুক আঞ্চলিকভাৱে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ড০ জয়শংকৰে কয় যে, ৮ কোটি আমেৰিকান ডলাৰ মূল্যৰ এই অভিলাষী প্রকল্পৰ জৰিয়তে অদ্দুৰ সামগ্রিক অর্থনৈতিক বিকাশৰ লগতে পৰ্যটনৰ বিকাশ ত্বৰান্বিত কৰিব বিছৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ জৰিয়তে অঞ্চলটোৰ সামগ্রিক বিকাশ ঘটাৰ লগতে নিয়োগ, উদ্যমিতা আৰু বাণিজ্য ক্ষেত্ৰলৈ নানান সুযোগ আহিব। ড০ জয়শংকৰে লগতে কয় যে, বিগত কেইবছৰমানৰ ভিতৰত ভাৰতে অদ্দুত প্ৰায় ২২ কোটি আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে। ইয়াৰ জৰিয়তে মালদ্বীপত আঞ্চলিক উন্নয়নত ভাৰতৰ গুৰুত্ব প্রতিফলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে।
Assamese | August 11, 2024 8:06 PM | Dr. S Jaishankar
মালদ্বীপক ভাৰত মহাসাগৰ অঞ্চলৰ অন্যতম প্রধান মিত্ৰদেশ হিচাপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মন্তব্য