চৰকাৰে ২০১৪ চনৰে পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি লোকসভাৰ প্ৰশ্নকালত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দূতাবাসৰ সৈতে যোগাযোগ ৰক্ষা সন্দৰ্ভত ভাৰত আৰু পাকিস্তানৰ সৈতে ২০০৮ চনত স্বাক্ষৰিত চুক্তিৰ অধীনত দুয়োখন দেশে পৰস্পৰৰ কাৰাগাৰত বন্দী হৈ থকা অসামৰিক লোক আৰু মাছমৰীয়াসকলৰ তালিকা বিনিময় কৰি আহিছে। প্ৰতি বছৰে পহিলা জানুৱাৰী আৰু পহিলা জুলাইত এই তালিকা বিনিময় কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ১ জুলাইত বিনিময় কৰা তালিকা অনুসৰি পাকিস্তানে দমন আৰু ডিউৰ ২৪ গৰাকী মাছমৰীয়াসহ মুঠ ২১১ গৰাকী ভাৰতীয়ক দেশখনৰ জিম্মাত থকাৰ কথা স্বীকাৰ কৰিছে।
Assamese | December 13, 2024 8:17 PM | Dr. S Jaishankar | Jaysankar
পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছেঃ ড০ এছ জয়শংকৰ