বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ’ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্রিডত এটা আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে জনায় যে বৈঠকত বাণিজ্যি, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, নগৰ উন্নয়ন, ৰে’লৱে আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক অংশীদাৰিত্বৰ ওপৰত আলোচনা কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পর্ক উন্নত কৰাৰ বাবে স্পেইনৰ ভূমিকাক ভাৰতে শলাগ লৈছে। ড০ জয়শংকৰে উল্লেখ কৰে যে দুয়োখন দেশে ক্রীড়া আৰু বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰে। এই বছৰটোৰ ভিতৰত ভাৰত আৰু স্পেইনৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি বিদেশ মন্ত্ৰী ড০ জয়শংকৰে প্ৰকাশ কৰে।
Assamese | January 14, 2025 10:46 AM | Dr. S Jaishankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ’ছে মেনুৱেল আলবেৰাছৰ সৈতে মাদ্রিডত বৈঠক