দেশৰ বিভিন্ন অংশত জনজাতীয় গৌৰৱ দিৱস পালন। মহাৰাষ্ট্ৰৰ গড়চিৰ’লিত আয়োজিত অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

সমগ্র দেশত আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ধৰতী আবা ভগবান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে জনজাতীয় ইতিহাসক সজীৱ কৰি ৰখাৰ গুৰুত্ব উপলব্ধিৰ অর্থে ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে।

সময়ৰ লগে লগে এয়া জনজাতীয় গৌৰৱ সপ্তাহলৈ ৰূপান্তৰিত হৈছে আৰু দেশৰ প্রান্তে প্রান্তে সাংস্কৃতিক অনুষ্ঠান, প্রদর্শনী আৰু শিক্ষামূলক কাৰ্যসূচীৰে জনজাতীয় নায়ক বীৰছা মুণ্ডাৰ জীৱন আৰু কাৰ্য জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে।

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে সামাজিক মাধ্যম যোগে দিয়া এটা বার্তাত কয়, যে এই দিনটো চহকী জনজাতীয় ঐতিহ্য আৰু ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত জনজাতীয় সম্প্রদায়সমূহৰ ঐতিহাসিক অৱদানক স্মৰণ কৰাৰ উপলক্ষ্য।

দেশবাসীয়ে সর্বাত্মক উন্নয়নৰ পথত অগ্ৰসৰ হৈ এই অমূল্য ঐতিহ্য সংৰক্ষিত কৰি ৰাখিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্রকাশ কৰে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয়, যে ধৰতি আবাৰ অদম্য সাহস, সংগ্রাম আৰু ত্যাগে দেশৰ প্রতিটো প্রজন্মক আত্মবিশ্বাস, স্বতন্ত্ৰতা আৰু অধিকাৰ ৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰিব।

তেওঁ কয়, যে চৰকাৰে ধৰতি আবাৰ অনুপ্ৰেৰণাৰে জনজাতীয় ভ্রাতৃ-ভগ্নীসকলৰ মৰ্যাদা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে চেষ্টা অকণো ত্রুটি কৰানাই। প্রধানমন্ত্রীয়ে লগতে ৰাষ্ট্র গঠন প্রক্রিয়াত জনজাতীয় সম্প্রদায়সমূহৰ অমূল্য অৱদানৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে একেলগে আগবাঢ়ি আহিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।