দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ষট পূজাৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ষট পূজাৰ তৃতীয় দিনটো পৰম্পৰা অনুসৰি অস্তমিত সূৰ্যলৈ অৰ্ঘ্য প্ৰদান কৰা হয়। এই পৰ্ব সূৰ্যৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ প্ৰতীক।
এই দিনটোত ভক্তসকলে থেকুৱা, কুঁহিয়াৰ, ফল-মূল আৰু জ্বলি থকা বস্তিৰে সু-শোভিত বাঁহৰ খৰাহী হাতত লৈ নদীৰ ঘাট আৰু অন্য জলাশয়ৰ পাৰত সমবেত হয়।
ষট পূজাৰ ব্রত পালন কৰা ভক্তসকলে পানীত থিয় হৈ সূর্য দেৱতাক অর্ঘ্য প্রদান কৰে আৰু নিজৰ সন্তান তথা পৰিয়ালৰ সুখ- সমৃদ্ধি কামনা কৰে। কাইলৈ উদিত সূর্যলে অর্ঘ্য প্রদানেৰে এই পূজাৰ সামৰণি পৰিব।