বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ’ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিডৰ স্পেইন-ভাৰত কাউন্সিল ফাউণ্ডেচনত আয়োজিত পৰিৱৰ্তিত বিশ্বৰ বাবে কৌশলগত সহযোগিতা শীর্ষক এখন আলোচনাত মিলিত হয়। ড০ জয়শংকৰে দিয়া এটা বাৰ্তাত ভাৰত আৰু স্পেইনৰ সহযোগিতা সংঘৰ্ষজৰ্জৰ বিশ্ব অর্থনীতিৰ শক্তিশালীকৰণ আৰু মেধা সম্পন্ন লোকৰ প্ৰশিক্ষণ তথা আহ-যাহন নিশ্চিতিৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আলোকপাত কৰে। তেওঁ লগতে ইউৰোপীয় সংঘক লেটিন আমেৰিকা আৰু ভূমধ্য সাগৰীয় এলেকাৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰি তোলাৰ ক্ষেত্ৰত স্পেইনৰ সহযোগিতা মূল ছাবিকাঠি বুলিও উল্লেখ কৰে। ড০ জয়শংকৰে লগতে চৰকাৰ, বাণিজ্য তথা বিভিন্ন প্রতিষ্ঠানসমূহে পৰৱৰ্তী পৰ্যায়ৰ চুক্তিসমূহৰ বাবে প্ৰস্তুত হোৱাৰ লগতে একেলগে কাম কৰাৰ গুৰুত্ব অনুধাৱন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্গাৰিটা ৰ’বলছৰ সৈতেও মত বিনিময় কৰে। দুয়োখন দেশে প্ৰতিৰক্ষা খণ্ডৰ লগতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সম্পৰ্কে পৰ্যালোচনা কৰে বুলি ড০ জয়শংকৰে উল্লেখ কৰে।
Assamese | January 15, 2025 10:50 AM | Dr. S Jaishankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক