January 31, 2025 11:00 AM

views 47

কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ত উপস্থিত ফ্ৰান্সৰ বিশেষজ্ঞ দল

কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ফ্ৰান্সৰ এটা বিশেষজ্ঞ দল কালি ডিব্ৰুগড়ত উপস্থিত হয়। ফ্রান্স চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এথলেটিক নামৰ সংস্থাটোৰ বিশেষজ্ঞ দলটোৱে ডিব্ৰুগড়ৰ কেইবাটাও স্থানৰ নলাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৃত্রিম বান সমস্যাৰ কাৰকসমূহৰ বুজ লয়। ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ আৰু কাৰ্যবাহী বিষয়া নভাছ দাসে পৰিদৰ্শনকালত বিশেষজ্ঞ দলটোক সংগ দিয়ে।

December 24, 2024 8:26 PM

views 53

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা, বিভিন্ন বিভাগৰ বৰ্তমানৰ স্থিতিকে ধৰি অন্যান্য সা-সুবিধাসমূহৰ বুজ লয়। ড০ শৰ্মাই চিকিৎসালয়খনত ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ পৰিকল্পনা কৰা নতুন আৱাসিক কলনিৰ সন্দৰ্ভত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ...

December 24, 2024 8:58 AM

views 58

ডিব্ৰুগড় বিমান বন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো ২০২৫ বৰ্ষত কাৰ্যক্ষম হৈ উঠিব

ডিব্ৰুগড় বিমান বন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো ২০২৫ বৰ্ষত কাৰ্যক্ষম হৈ উঠিব বুলি বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি অনুষ্ঠিত উপদেষ্টা সমিতিৰ এখন বৈঠকত কৰ্তৃপক্ষই এই কথা অৱগত কৰে। বৈঠকত বিমান বন্দৰটোৱে যাতে দেশৰ অন্য আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰবোৰৰ সৈতে ফেৰ মাৰিব পাৰে, তাৰবাবে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনিমূলক ব্যৱস্থা উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ চলাচলৰ সুবিধা অধিক সূচল কৰাৰ দিশত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্...

December 14, 2024 3:23 PM

views 61

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত কালিৰেপৰা ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্য কান্ত হাজৰিকাই কালি বিয়লি এই গ্ৰন্থ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শক্তি আৰু দক্ষতা বিকাশ মন্ত্রী প্রশান্ত ফুকনো উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ভাষাবিদ ড০ভীমকান্ত বৰুৱা, যশশ্বী কবি সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাইও অংশগ্ৰহণ কৰি গ্ৰন্থ আন্দোলনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। গ্ৰন্থ মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ...

November 7, 2024 6:54 PM

views 55

অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনৰ পদক্ষেপ গ্ৰহণ

ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনে অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে দুয়োটা প্রতিষ্ঠানে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বত শিক্ষাৰ্থীসকলৰ বাবে এহেজাৰ ডলাৰ অনুদান, শৈক্ষিক সুযোগ বৃদ্ধিৰ লগতে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত সাংস্কৃতিক বিনিময়ৰ সূচনা হ'ব বুলি আশা কৰা হৈছে।

September 12, 2024 1:22 PM

views 95

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাৰ যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাই যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন কৰে। ভুৱা ট্রেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰেপৰা চুমি বৰা পলাতক অৱস্থাত আছিল। আত্মসমৰ্পনৰ পাছতে এছ টি এফে চুমিক জিম্মাত লয়।

September 12, 2024 10:10 AM

views 48

ডিব্ৰুগড়ত বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ অধিসূচনাযোগে খচৰা

■ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি জিলাখনৰ বাবে বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত এখন অধিসূচনাযোগে খচৰা জিলা জৰীপ প্রতিবেদন প্ৰকাশ কৰিছে। বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিব্ৰুগড়ৰ কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ ৱেবছাইটত এই খচৰা জিলা জৰীপ প্রতিবেদন উপলভ্য হ'ব। এই খচৰা সন্দৰ্ভত পৰামৰ্শ, মতামত অথবা ওজব-আপত্তি থাকিলে লিখিত আবেদন বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিব্ৰুগড়ৰ ই-মেইল আইডিত দাখিল কৰিব লাগিব। আবেদন দাখিল কৰাৰ অন্তিম দিন ...

September 7, 2024 7:47 PM

views 77

অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত

ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কার্যক্রম ডিব্ৰুগড়ৰ উদ্যোগত আজি অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এটা বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বেংগালুৰুৰ নাৰায়ণা হৃদয়ালয়াৰ ৬ জন বিশেষ শিশু চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউৰ লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হোৱা শিশুসকলৰ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। প্ৰায় ৩০০ৰো অধিক শিশুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন...

September 5, 2024 6:32 PM

views 63

কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থা...

September 5, 2024 6:29 PM

views 91

ডিব্ৰুগড়ৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।