কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ফ্ৰান্সৰ এটা বিশেষজ্ঞ দল কালি ডিব্ৰুগড়ত উপস্থিত হয়। ফ্রান্স চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এথলেটিক নামৰ সংস্থাটোৰ বিশেষজ্ঞ দলটোৱে ডিব্ৰুগড়ৰ কেইবাটাও স্থানৰ নলাসমূহ পৰিদৰ্শন কৰাৰ লগতে কৃত্রিম বান সমস্যাৰ কাৰকসমূহৰ বুজ লয়। ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ আৰু কাৰ্যবাহী বিষয়া নভাছ দাসে পৰিদৰ্শনকালত বিশেষজ্ঞ দলটোক সংগ দিয়ে।
Assamese | January 31, 2025 11:00 AM | Akashvani | Dibrugarh | Dibrugarh Artificial Flood | Local news
কৃত্রিম বানপানীৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ত উপস্থিত ফ্ৰান্সৰ বিশেষজ্ঞ দল