ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত কালিৰেপৰা ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্য কান্ত হাজৰিকাই কালি বিয়লি এই গ্ৰন্থ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শক্তি আৰু দক্ষতা বিকাশ মন্ত্রী প্রশান্ত ফুকনো উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ভাষাবিদ ড০ভীমকান্ত বৰুৱা, যশশ্বী কবি সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাইও অংশগ্ৰহণ কৰি গ্ৰন্থ আন্দোলনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। গ্ৰন্থ মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন্দন শৰ্মাই। এই গ্ৰন্থ মেলাত ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰো প্ৰায় ৯০ খন প্ৰকাশক আৰু গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিছে।
Assamese | December 14, 2024 3:23 PM | Akashvani | Book Fair | Dibrugarh
ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ