January 10, 2026 7:50 PM

views 46

নতুন দিল্লীত ৫৩ সংখ্যক বিশ্ব গ্রন্থমেলা ২০২৬ ৰ উদ্বোধন

শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত ৫৩ সংখ্যক বিশ্ব গ্রন্থমেলা ২০২৬ ৰ উদ্বোধন কৰিছে। ৯ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্রন্থমেলাত বিশ্বৰ ৩৫খনতকৈ অধিক দেশৰ সহস্রাধিক প্রকাশকে অংশগ্ৰহন কৰিছে। গ্ৰন্থমেলাখনিৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে কিতাপ হৈছে জ্ঞানৰ এনে বাহক যি প্ৰজন্মৰ মাজত সেতু ভুমিকা লোৱাৰ পৰা মানৱ প্ৰজাতিৰ বিভিন্ন সময়ক সাঁচি ৰখাৰ লগতে সমাজৰ পথ প্ৰদৰ্শন কৰি আছে। নতুন দিল্লী বিশ্ব গ্রন্থমেলাক দেশৰ অধ্যয়ন সংস্কৃতিৰ লগতে পঢ়ুৱৈ সমাজৰ সৰ্ববৃহৎ অনুষ্ঠান বুলি অভিহিত কৰাৰ লগতে ...

January 8, 2026 7:54 PM

views 46

যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি

চৰাইদেউ জিলাৰ পাটসাঁকোত যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি অন্তিম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ড০ ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁইক তেওঁৰ শৈক্ষিক আৰু বৌদ্ধিক অৱদানৰ স্বীকৃতিস্বৰূপে ২০২৬ বৰ্ষৰ স্বৰ্গদেউ ছুহুংমুং বঁটা প্ৰদান কৰা হয়। সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ পাটসাঁকো আঞ্চলিক সমিতি আৰু কেইবাটাও সামাজিক সংগঠনৰ যুটীয়া প্ৰচেষ্টাত আয়োজন কৰা গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ পৰা সঁহাৰি লাভ কৰা বুলি উদ্যোক্তাসকলে জনাইছে।

October 29, 2025 8:31 PM

views 68

বঙাইগাঁও জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ সামৰণি

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা ২২ অক্টোবৰৰ পৰা বঙাইগাঁও জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি সামৰণি সভাত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয়, যে গ্রন্থ হৈছে জ্ঞান অৰ্জনৰ অন্যতম আধাৰ। পৃথিৱীৰ প্ৰতিটো সভ্যতা নিৰ্মাণ তথা জাতি গঠনত গ্ৰন্থৰ নিৰ্ণায়ক ভূমিকা সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ লগতে অসম গ্ৰন্থমেলা সফল কৰি তোলাৰ বাবে বঙাইগ...

January 30, 2025 8:40 PM

views 62

পৰহিলৈ পৰা নতুন দিল্লীত বিশ্ব গ্রন্থমেলা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰহিলৈ বিশ্ব গ্রন্থমেলা আৰম্ভ হ'ব। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে- আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ কৰা হৈছে। ৯ দিনীয়াকৈ আয়োজিত এই গ্রন্থমেলা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুই উদ্বোধন কৰিব। নেচনেল বুক ট্রাষ্টৰ সঞ্চালক যুৱৰাজ মালিকে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এইবাৰৰ বিশ্ব গ্রন্থমেলাত ৰাছিয়াই মুখ্য দেশ হিচাপে ভাগ ল'ব। ফ্রান্স, আর্জেন্টিনা, স্পেইন, কলম্বিয়া, আবুধাবি আৰু কাটাৰকে ধৰি ৫০...

December 18, 2024 1:47 PM

views 51

আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা

পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ লগতে চিত্রাংকন, কবিতা আবৃত্তি, কুইজ আদি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান, চিত্ৰ আৰু ভাস্কর্য শিল্পীৰ সৈতে আলাপ, সংবাদ কৰ্মীৰ সৈতে আলাপ আদি অনুষ্ঠানৰো দিহা কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিছে। আজি পুৱা ১০ বজাত উদযাপন সমিতিৰ সভাপতি ড০ গিৰিণ গগৈয়ে পতাকা উত্তোলনেৰে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলিব। ইয়াৰ পাছতে লখিমপুৰ...

December 14, 2024 3:23 PM

views 61

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত কালিৰেপৰা ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্য কান্ত হাজৰিকাই কালি বিয়লি এই গ্ৰন্থ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শক্তি আৰু দক্ষতা বিকাশ মন্ত্রী প্রশান্ত ফুকনো উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ভাষাবিদ ড০ভীমকান্ত বৰুৱা, যশশ্বী কবি সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাইও অংশগ্ৰহণ কৰি গ্ৰন্থ আন্দোলনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। গ্ৰন্থ মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ...