June 24, 2025 8:17 PM

views 41

ডিব্ৰুগড়ত তৃতীয় পৰ্যায়ৰ অৰুনোদয় আঁচনিৰ সফল ৰূপায়ন সন্দৰ্ভত বৈঠক

ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ অৰুনোদয় আঁচনিৰ সফল ৰূপায়ন নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত আজি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰত্যেক জিলাতে একোখনকৈ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। আজিৰ সভাত ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ তালিকা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহন আৰু লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হা...

June 21, 2025 7:12 PM

views 48

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে ড° জিতেন হাজৰিকাৰ দায়িত্বভাৰ গ্ৰহণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, পৰীক্ষা নিয়ন্ত্ৰক ইৰিঞ্জিত হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য ড° জয়প্ৰকাশ বাৰ্মাৰ কাৰ্যকাল শেষ হোৱাত ড° হাজৰিকাক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছে।

June 10, 2025 1:03 PM

views 56

ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ সভা অনুষ্ঠিত

চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলক পাঁচ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ এখন সভা কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজৰ নিজৰ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলৰ আধাৰ কাৰ্ডৰ প্ৰতিলিপি, বেংক একাউণ্টৰ সবিশেষ জমা দিবলৈ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্...

June 7, 2025 10:25 AM

views 67

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কিষাণোদয় এপ আৰু ৱেবছাইট মুকলি

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কালি ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কিষাণোদয় এপ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলা প্ৰশাসনে প্রস্তুত কৰা কিষাণোদয় এপ আৰু ৱেবছাইটৰ জৰিয়তে কৃষকসকলে বিভিন্ন তথ্য লাভ কৰাৰ সুবিধা হ'ব। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত বিতৰণ কৰা বিভিন্ন বীজ, কৃষি সম্বন্ধিয় সা- সঁজুলিৰ সঠিক ব্যৱহাৰ, লাভালাভ আদিৰ তথ্য এই ৱেবচাইটত উপলব্ধ হ'ব। এই বৈঠকতে ডিব্ৰুগড় জিলা কৃষি বিভাগৰ পি এম-কিষা...

June 6, 2025 1:05 PM

views 51

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীক তিনি মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত

ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ মাজত জুন, জুলাই আৰু আগষ্ট মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ডিব্ৰুগড়ৰ ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে আৱণ্টিত চাউল বিতৰণ নিশ্চত কৰিবলৈ খোৱাং, দুলীয়াজান আৰু নাহৰকটীয়া সম-জিলাৰ সুলভ মূলৰ দোকানসমূহ পৰিদৰ্শন কৰিছে। জিলাখনৰ এহেজাৰ ৫৫২ গৰাকী সুলভ মূল্যৰ দোকানৰ এজেণ্টৰ জৰিয়তে ৫৯ দশমিক ৩-৮ শতাংশ হিতাধিকাৰীৰ মাজত ই-প’'ছ যোগে ইতিমধ্যে চাউল বিতৰণ কৰা হৈছে ।

June 2, 2025 10:19 AM

views 76

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰত ৪ জন লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত কালি ব্ৰহ্মপুত্ৰত ৪ জনকৈ লোক সন্ধানহীন হয়। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলায় যদিও এতিয়ালৈ কোনো শুংসূত্ৰ লাভ কৰা নাই। ইপিনে, ডিব্ৰুগড়ৰ অকলেণ্ডৰ ১৭ নম্বৰ লাইনৰ তনুজ মুৰা নামৰ ৭ বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয়। শিশুটিৰ সন্ধানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধা...

May 27, 2025 2:24 PM

views 63

শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত ডিব্ৰুগড়ত শিল্পী সমাজৰ শ্রদ্ধাঞ্জলি

ডিব্ৰুগড়ৰ শিল্পী সমাজে সদ্যপ্রয়াত শিল্পী গায়ত্ৰী হাজৰিকাৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড় সাহিত্য সভা ভৱনত আয়োজিত এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ ৰাজেন গোহাঁই প্ৰমুখ্যে কেইবাগৰাকীও শিল্পী তথা বিশিষ্ট ব্যক্তিয়ে প্রয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সোণোৱাল কছাৰী সাহিত্য সভাইও শিল্পীগৰাকীক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সাহিত্য সভাৰ বৈঠকত সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

May 27, 2025 12:01 PM

views 29

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৱিষ্যত পৰিকল্পনা সম্পর্কে মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত বৈঠক

● ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়ন তথা ভৱিষ্যত পৰিকল্পনা সম্পর্কে আলোচনাৰ বাবে কালি মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। বৈঠকত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, চাবুৱাব বিধায়ক পোনাকন...

May 26, 2025 8:47 PM

views 52

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত আজি তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সচেতন মহিলা মঞ্চ ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত এই কাৰ্যসূচীত অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাক শ্রদ্ধা জনোৱা হয়। অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, পর্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্রসহ বহুকেইগৰাকী লোক উপস্থিত থাকে।

May 26, 2025 7:01 PM

views 58

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা অসম সচিবালয়ৰ জাননীত প্ৰকাশ

অসম চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ঘোষণা কৰাৰে পৰা প্ৰশাসনিক ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে ভালেসংখ্যক প্রশাসনিক বিষয়া নিযুক্তি দিছে। দিছপুৰৰ অসম সচিবালয়ে আজি এখন জাননীৰ জৰিয়তে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে উত্তৰ শালমাৰাৰ সহকাৰী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিবৰো দায়িত্ব দিয়...