চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলক পাঁচ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ এখন সভা কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজৰ নিজৰ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলৰ আধাৰ কাৰ্ডৰ প্ৰতিলিপি, বেংক একাউণ্টৰ সবিশেষ জমা দিবলৈ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, সহকাৰী আয়ুক্ত সুৰভি শ্রীবাস্তৱা, পূজা বৰা আদি উপস্থিত থাকে।
Assamese | June 10, 2025 1:03 PM | Dibrugarh
ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ সভা অনুষ্ঠিত