ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনৰ টিপামত আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে গঢ়ি তোলা ক্ষেত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ এটা ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কৰিবলৈ লোৱা হৈছে। স্থানীয় বিধায়ক তৰংগ গগৈয়ে আজি এই মুৰ্তিৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। বিধায়কগৰাকীয়ে কয়, যে এই মূৰ্তিৰ নিৰ্মাণকাৰ্য অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু অসমলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰাত সহায়ক হ‘ব।
Assamese | June 24, 2025 8:24 PM | Dibrugarh
টিপামত চাওলুং চুকাফাৰ ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ তৰংগ গগৈৰ