January 30, 2025 2:22 PM

views 67

দিল্লীত প্ৰবাসী অসমীয়াৰ সৈতে ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেহৰু পাৰ্কত দিল্লীত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ সৈতে আজি ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰিদৰ্শনকালত শ্ৰীমল্লক সংগ দিয়ে।

January 22, 2025 7:55 PM

views 69

২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অহা ২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন কৰিছে। দেশৰ ১৩খন মহানগৰৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত টাইৱান, ৰাছিয়া, ইটালী, নেপাল, শ্রীলংকা আৰু অন্যান্য দেশৰ থিয়েটাৰ দলসমূহে অংশগ্ৰহণ কৰিব। এই বৰ্ষৰ মহোৎসৱৰ এম্বেচাদৰ হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অভিনেতা ৰাজপাল যাদৱৰ নাম বাছনি কৰা হৈছে।

January 7, 2025 8:41 PM

views 49

দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি কেন্দ্রীয় শাসিত অঞ্চল দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ১০ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ১৭ জানুৱাৰী হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন। ১৮ জানুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ২০ জানুৱাৰী হ'ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব আৰু সেই...

January 2, 2025 9:54 AM

views 43

দিল্লীত জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ ৭টা খণ্ডৰ গ্ৰন্থ উন্মোচন কৰা হব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত হ'বলগীয়া কিতাপ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ সাতটা খণ্ডৰ এই গ্ৰন্থখনিৰ জৰিয়তে জন্মু-কাশ্মীৰ আৰু লাডাখৰ ৩ হাজাৰ বছৰজোৰা ইতিহাসৰ আভাস দিয়াৰ চেষ্টা কৰা হৈছে। নেশ্যনেল বুক ট্রাষ্ট আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সহযোগত হিন্দী আৰু ইংৰাজী ভাষাত গ্ৰন্থখন প্ৰকাশ কৰা হৈছে।

December 13, 2024 5:32 PM

views 65

দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমাতংক

দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমা বিস্ফোৰণ সংঘটিত হ'ব বুলি ই-মেইল যোগে জানিব পৰা যায়। এই তথ্য লাভ কৰাৰ লগে লগে কৰ্তৃপক্ষই আটাইকেইখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ঘূৰাই পঠিয়াই। দিল্লী অগ্নি নির্বাপক সেৱাৰ সঞ্চালক অতুল গাৰ্গে কয়, যে পশ্চিম বিহাৰৰ ভাটনগৰ ইণ্টাৰনেচনেল স্কুল, কেমব্ৰিজ স্কুল শ্রীনিবাসপুৰী, ডি পি এছ অমৰ কলনি, ছাউথ ডেলহি পাব্লিক স্কুল, ডিফেন্স ক'লনি, ডি পি এছ ছফদাৰজং এনক্লেভ আৰু ভেংকতেশ্বৰ গ্ল'বেল স্কুল ৰোহিনীয়ে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পিছত বোমা ধৰা পেলোৱা দল আৰু...

November 7, 2024 8:14 PM

views 65

ৰাষ্ট্ৰপতি মুৰ্মুৱে কাইলৈ কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব। কেন্দ্ৰীয় সতর্কতা আয়োগে চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই সপ্তাহ পালন কৰে। এইবেলি ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে সততাৰ সংস্কৃতিৰ মূল মন্ত্ৰৰে ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ এই সপ্তাহ পালন কৰা হয়।

November 1, 2024 5:27 PM

views 44

দিল্লী অগ্নিনির্বাপন বিভাগৰ দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ

দিল্লীৰ অগ্নিনির্বাপন বিভাগে এইবেলি দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ কৰে। বিভাগীয় তথ্য অনুসৰি বিগত ১০টা বছৰৰ ভিতৰত অগ্নিকাণ্ডৰ বাতৰিৰে বিভাগটোৱে লাভ কৰা এনে ফোনকলৰ সংখ্যা আছিল সবাতোকৈ অধিক। দিল্লীৰ অগ্নিনির্বাপন বিভাগৰ সঞ্চালক অতুল গাৰ্গে আকাশবাণীৰ বাতৰি বিভাগক জানিবলৈ দিয়া মতে কালি সন্ধিয়া ৫ বজাৰ পৰা আজি পুৱা ৫ বজালৈ অর্থাৎ ১২ ঘণ্টা সময়ৰ ভিতৰত দিল্লী এলেকাত ৩০০টাতকৈও অধিক অগ্নিকাণ্ড সংঘটিত হয়। এনে ঘটনাসমূহৰ মাজতে তিনিজন লোকে প্ৰাণ হেৰুৱাই বুলিও তেওঁ জানিবলৈ দিয়ে। শ্রী গাৰ্গে অৱশ্যে দীপা...

October 14, 2024 7:34 PM

views 95

দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি কৰে। এই পোৰ্টেলটোৰ জৰিয়তে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ বাবে নিৰাপদ আৰু বৈধভাৱে আহ-যাহৰ সূচলতাৰ ব্যৱস্থা কৰা হ'ব। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এই পোৰ্টেলটো মুকলি হোৱাৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ, স্বচ্ছ তথা সৰ্বাত্মক আহ-যাহৰ সুবিধা সৃষ্টি কৰাৰ প্ৰতি চৰকাৰৰ প্ৰচেষ্টা প্রতিফলিত হৈছে। তেওঁ লগতে কয় যে পোৰ্টেলটো পুনৰ সজ্জিত কৰাৰ জৰিয়তে বিদেশত ভাৰতীয় কৰ্মচাৰীসকলৰ ...

October 13, 2024 9:24 PM

views 82

দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰ দিল্লীত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰখনত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ কৰে। ঘটনা সন্দৰ্ভত এজন বাহন চালককে ধৰি ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত লোককেইজনে অবৈধ আতচবাজিসমূহ দিল্লী এন চি আৰ অঞ্চললৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

October 7, 2024 2:19 PM

views 52

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ আলোচনা

  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি পুৱাৰ ভাগত ড° মুইজ্জুৱে ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ৰাজঘাটলৈ যায় আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। কাইলৈ ৰাষ্ট্ৰপত...