নির্বাচন আয়োগে আজি কেন্দ্রীয় শাসিত অঞ্চল দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ১০ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব। ১৭ জানুৱাৰী হ’ব মনোনয়ন দাখিলৰ অন্তিম দিন। ১৮ জানুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২০ জানুৱাৰী হ’ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ কৰা হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ’ব আৰু সেইদিনাই দুপৰীয়াৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব।
Assamese | January 7, 2025 8:41 PM | Delhi | Election Commission
দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা নির্বাচন আয়োগৰ