দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমা বিস্ফোৰণ সংঘটিত হ’ব বুলি ই-মেইল যোগে জানিব পৰা যায়। এই তথ্য লাভ কৰাৰ লগে লগে কৰ্তৃপক্ষই আটাইকেইখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ঘূৰাই পঠিয়াই। দিল্লী অগ্নি নির্বাপক সেৱাৰ সঞ্চালক অতুল গাৰ্গে কয়, যে পশ্চিম বিহাৰৰ ভাটনগৰ ইণ্টাৰনেচনেল স্কুল, কেমব্ৰিজ স্কুল শ্রীনিবাসপুৰী, ডি পি এছ অমৰ কলনি, ছাউথ ডেলহি পাব্লিক স্কুল, ডিফেন্স ক’লনি, ডি পি এছ ছফদাৰজং এনক্লেভ আৰু ভেংকতেশ্বৰ গ্ল’বেল স্কুল ৰোহিনীয়ে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পিছত বোমা ধৰা পেলোৱা দল আৰু অগ্নি নির্বাপক বিষয়াসকল বিদ্যালয়কেইখনত উপস্থিত হয়।এসপ্তাহৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ কেইখনমান স্কুলতো বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ব বুলি মেইল লাভ কৰা গৈছিল।
Assamese | December 13, 2024 5:32 PM | Delhi | Delhi School
দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমাতংক