December 1, 2025 9:11 PM

views 32

ইণ্ডোনেছিয়াত প্ৰচণ্ড ঘূর্ণীবতাহ আৰু বৰষুণে সৃষ্টি কৰা বান আৰু ভূমিস্খলনত বহু লোকৰ মৃত্যু

ইণ্ডোনেছিয়াত প্ৰচণ্ড ঘূর্ণীবতাহ আৰু বৰষুণে সৃষ্টি কৰা বান আৰু ভূমিস্খলনত বহু সংখ্যক লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই কালি প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ সুমাত্রা, পশ্চিম সুমাত্রা, এছেহক ধৰি কেইবাটাও অঞ্চলত ক্ষয়-ক্ষতি অধিক হৈছে আৰু অন্য চাৰিশৰো অধিক লোক সন্ধানহীন হৈ আছে । উদ্ধাৰকাৰী সংস্থাসমূহে ব্যাপক অভিযান অব্যাহত ৰাখিছে। আটাইতকৈ বেছি ক্ষতিগ্রস্ত সুমাত্রা দ্বীপত সহস্রাধিক লোক বহিঃবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।...

October 25, 2025 11:32 AM

views 75

সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগলৈ ওড়িশা চৰকাৰৰ বিশেষ সতর্কতা জাৰি

ওড়িশা চৰকাৰে বংগোপসাগৰত অহা সোমবাৰলৈকে আহিবলগীয়া সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগসমূহলৈ বিশেষ সতর্কতা জাৰি কৰিছে। ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে প্ৰকাশ কৰা মতে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী মজুত কৰি ৰখা হৈছে আৰু সকলো জিলা আয়ুক্তক সতৰ্ক কৰি দিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ-পশ্চিম বংগোপ সাগৰৰ ওপৰত নিম্ন চাপৰ ক্ষেত্ৰসমূহ আজি পশ্চিম-উত্তৰ-পশ্চিমৰ দিশে আগবাঢ়ি দক্ষিণ-পূব আৰু মধ্য বংগোপ...

May 25, 2024 11:27 AM

views 45

ৰেমাল নামৰ ঘূৰ্ণী বতাহজাক কাইলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণী বতাহজাকে কাইলৈ প্রচণ্ড ঘূৰ্ণী বতাহৰৰূপত পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপ বলয়ে কালি প্রতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ পূব দিশে গতি কৰে আৰু সম্প্ৰতি ই সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ৬২০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱত আৰু পশ্চিমবংগৰ কেনিঙৰ পৰা ৬৭০ কিলোমিটাৰ দক্ষিণত কেন্দ্ৰীভূত হৈ আছে। এই নিম্নচাপ বলয় উত্তৰ-উত্তৰ পূব দিশে অধিক অগ্ৰসৰ হোৱাৰ আৰু ক...

May 24, 2024 8:54 PM

views 44

বংগোপসাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণি বতাহজাক পৰহিলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা মতে বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণি বতাহজাকে দেওবাৰে পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে বতাহজাকে প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে দেওবাৰে পুৱাৰ ভাগত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতাহজাকৰ বেগ প্রতিঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে । বতাহজাকৰ চোক ২৭ মে'ৰ পুৱাৰ ভাগলৈ অব্যাহত থাকিব আৰু তাৰ পাছত লাহে লাহে তীব্ৰতা...