তীব্ৰবেগী ঘুর্ণীবতাহ মুৰাচুৱে আজি পুৱতি নিশা দক্ষিণ অন্ধ্র প্রদেশ উপকূলৰ নেল্ল’ৰ আৰু নাৰচাপুৰত খুন্দা মাৰে। ইয়াৰ ফলত অঞ্চলটোত ধুমুহাৰ লগতে প্ৰবল বৰষুণ হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুযায়ী ধুমুহাজাকে দক্ষিণ মধ্য বঙ্গোপসাগৰ পাৰ কৰি পুৱতি নিশা প্ৰায় এক বজাত প্ৰকাশম জিলাৰ অংগ’লেৰ সমীপৰ উপকূলত খুন্দিয়ায়। ধুমুহা জাকৰ গতি ঘণ্টাত ১১০ ৰ পৰা ১২০কিলোমিটাৰ বেগত অব্যাহত থাকিব। উল্লেখ যোগ্য যে অৰ্ণৱ ঘূর্ণী বতাহে দেশৰ পূব উপকূলৰ বিভিন্ন অংশত প্ৰভাৱ পেলোৱাৰ এসপ্তাহত কৈয়ো কম সময়তে এই ঘূর্ণীবতাহৰ আগমন ঘটে। ঘূৰ্ণী জাকে উত্তৰৰ পৰা উত্তৰ পশ্চিম দিশে গতি কৰি দক্ষিণ অপ্ৰদেশ উপকূল পাৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। মুৰাচুৰ ফলত পুদুচেৰিত মাজনিশাৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে উত্তৰ তামিলনাডুতো প্রবল বৰষুণ হৈছে।
Assamese | November 3, 2026 11:42 AM | Cyclone
ঘুর্ণীবতাহ মুৰাচুৰ আজি পুৱতি নিশা দক্ষিণ অন্ধ্র প্রদেশ উপকূলৰ নেল্ল’ৰ আৰু নাৰচাপুৰত খুন্দা