কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ য়ানাম অঞ্চলত ঘূৰ্ণীবতাহ অৰ্ণৱে যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। উপ-ৰাজ্যপাল কৈলাশ নাথনৰ সভাপতিত্বত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা সতর্কতামূলক ব্যৱস্থাসমূহৰ মূল্যায়নৰ বাবে আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। মুখ্য সচিব শৰৎ চৌহান আৰু ৰাজহ, লোকনির্মাণ, স্থানীয় প্রশাসন, বিদ্যুৎ, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে।
জিলা উপায়ুক্ত কুলুথুংগানে বৈঠকত সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ইফালে পুডুচেৰীৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী মাল্লাডি কৃষ্ণ ৰাওৱে য়ানামত এখন জৰুৰী বৈঠকত আহ্বান কৰি ঘূৰ্ণীবতাহৰ বাবে অঞ্চলটোৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায়। মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে য়ানামৰ গাঁও আৰু নিম্ন ভূমি অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক অতি সোনকালে নিজ নিজ বাসগৃহ খালী কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে স্থানান্তৰিত লোকসকলক বিদ্যালয় গৃহত ৰখাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে ইতিমধ্যে ২০টা স্থানত আশ্রয় শিবিৰ সাজু কৰা হৈছে।
লগতে জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সেৱাসমূহৰ নিৰৱচ্ছিন্ন যোগানো নিশ্চিত কৰা হৈছে। ইফালে ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি আজি আৰু কাইলৈ য়ানামৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। অঞ্চলটোৰ সুৰাৰ দোকানসমূহো বৃহস্পতিবাৰলৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।