ইণ্ডোনেছিয়াত প্ৰচণ্ড ঘূর্ণীবতাহ আৰু বৰষুণে সৃষ্টি কৰা বান আৰু ভূমিস্খলনত বহু সংখ্যক লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই কালি প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ সুমাত্রা, পশ্চিম সুমাত্রা, এছেহক ধৰি কেইবাটাও অঞ্চলত ক্ষয়-ক্ষতি অধিক হৈছে আৰু অন্য চাৰিশৰো অধিক লোক সন্ধানহীন হৈ আছে । উদ্ধাৰকাৰী সংস্থাসমূহে ব্যাপক অভিযান অব্যাহত ৰাখিছে। আটাইতকৈ বেছি ক্ষতিগ্রস্ত সুমাত্রা দ্বীপত সহস্রাধিক লোক বহিঃবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। ৰাষ্ট্ৰপতি প্ৰৱও ছুবিয়াণ্টোৱে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে যোৱা সপ্তাহত ইণ্ডোনেছিয়াত ছেনিয়াৰ নামৰ প্ৰচণ্ড ঘূৰ্ণী বতাহে এই বিপর্যয়ৰ সৃষ্টি কৰিছিল। বৰষুণ আৰু ধুমুহাৰ ফলত থাইলেণ্ড, মালয়েছিয়া, ফিলিপাইনছ আৰু শ্ৰীলংকাৰ লক্ষাধিক লোক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে সমগ্ৰ এছিয়াৰ ৯ শতাধিক লোকৰ মৃত্যু হৈছে।
Assamese | December 1, 2025 9:11 PM | Cyclone
ইণ্ডোনেছিয়াত প্ৰচণ্ড ঘূর্ণীবতাহ আৰু বৰষুণে সৃষ্টি কৰা বান আৰু ভূমিস্খলনত বহু লোকৰ মৃত্যু