ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা মতে বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণি বতাহজাকে দেওবাৰে পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে বতাহজাকে প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে দেওবাৰে পুৱাৰ ভাগত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতাহজাকৰ বেগ প্রতিঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে । বতাহজাকৰ চোক ২৭ মে’ৰ পুৱাৰ ভাগলৈ অব্যাহত থাকিব আৰু তাৰ পাছত লাহে লাহে তীব্ৰতা হ্ৰাস পাব বতৰ বিজ্ঞান বিভাগে কলকাতা, হাওৰা, নাদিয়া, ঝাৰগ্ৰাম, উত্তৰ ছবিব্বশ পৰগনা, দক্ষিণ ছবিব্বশ পৰগনা আৰু পূব মেদিনীপুৰ জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আশংকা কৰি কমলা বৰণীয়া সতৰ্কতা জাৰি কৰিছে।
Assamese | May 24, 2024 8:54 PM | Cyclone
বংগোপসাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণি বতাহজাক পৰহিলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা