November 11, 2025 6:09 PM

views 57

কামৰূপ জিলাৰ মুঠ ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ মুঠ ৪ হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে বি টি চি, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্রতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ...

November 10, 2025 7:21 PM

views 62

গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে। এই অভিযানৰ অধীনত আজি প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হয়। দ্বিতীয় কিস্তিত ২৫ হাজাৰ আৰু তৃতীয় কিস্তিত ৫০ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত কয়, যে এই সুবিধা লাভ কৰিবলৈ হ'লে একোটা পৰিয়ালত সৰ্বাধিক দুটা সন্তান থাকিব লাগিব। ততোধিক সন্তান থকা দম্পত্তিয়...

November 10, 2025 6:30 PM

views 69

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো ...

November 10, 2025 5:49 PM

views 88

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্রীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্রী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পো...

November 4, 2025 11:02 AM

views 356

■ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ

■ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলে স্নাতক ডিগ্রী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ-মাতৃৰ পৰা ধন ল’বলৈ কুণ্ঠাবোধ কৰে। যু...

October 28, 2025 10:44 AM

views 152

নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব: মুখ্যমন্ত্ৰী

■ ৰাজ্য চৰকাৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি ব্যক্তিগত খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগ সৃষ্টি কৰি তেওঁলোকক সফলতাৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। ড° শৰ্মাই নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব বুলি উল্লেখ কৰে। তে...

October 27, 2025 8:54 PM

views 104

নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষণত কয়, যে ২০২৪-২৫ বৰ্ষত এই আঁচনিৰ অধীনত এক লাখ ৬০ হাজাৰ ছাত্ৰীলৈ ১৩৩ কোটি টকা মোকলাই দিয়া হৈছে আৰু ২০২৫-২৬ বৰ্ষত ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক ...

October 24, 2025 6:43 PM

views 101

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আত্মসহায়ক গোটৰ ১৩,১৩৯ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৩ হাজাৰ ১৩৯ গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ২০৮ খন বিচনাযুক্ত ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্য সেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে ...

October 24, 2025 5:55 PM

views 85

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ বক্তব্যত কয়, যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে এই পৰিকল্পনাৰ জৰিয়তে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰায় ৩২ লাখত...

October 13, 2025 7:46 PM

views 85

ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনোৱাত উদ্যোগীসকলৰ সন্তোষ প্রকাশ

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱাত উদ্যোগীসকলে সন্তোষ প্রকাশ কৰিছে। এই সন্দৰ্ভত বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে কয় যে অকালতে হেৰাই যোৱা শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁলোকে এইবাৰ শব্দবিহীন আতচবা...