November 13, 2025 12:56 PM

views 99

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ’ব: মুখ্যমন্ত্রী

■ ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি এই বিষয়টো লৈ বহু সময় ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজিও চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে এই বিষয়ত আলোচনা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পর্যায়ক্রমে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত ২৫ নৱেম্বৰত এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো পৰ্যালোচনাৰ বাবে গঠিত মন্ত্ৰীৰ গোটে প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে ইতিবাচক ফ...

November 13, 2025 12:25 PM

views 92

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সৰ্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্রদান কৰা হ'ব। একেদৰে, সম্পূৰ্ণৰূপে প্ৰতিবন্ধি হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে প্ৰতিবন্ধিলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত...

November 13, 2025 12:13 PM

views 109

যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু: মুখ্যমন্ত্ৰী

● দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কূটাঘাতৰ আশংকা কৰি ৰাজ্য চৰকাৰে শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম এনে কূটাঘাতৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু আছে। সন্দেহজনক সকলো ব্যক্তি আৰু কাৰ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমতো চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই কয়...

November 11, 2025 7:25 PM

views 73

ৰহা বিধানসভা সমষ্টিৰ মহিলাসক উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৰ্বাঙ্গীন কল্যাণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ কৰে। এই উপলক্ষে ৰহা ক্রীড়া সন্থা খেলপথাৰত আয়োজিত জনসভাত দিয়া বাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰহাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাপৰমুখ ৰে'লৱে জংছন আৰু পশ্চিম কাৰ্বি আংলং সংযোগী চাপৰমুখ ৰে'লৱে উৰণ সেতু উদ্বোধন কৰে। ৮৪ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনৰ দৈৰ...

November 11, 2025 6:54 PM

views 83

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্রী

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয়, যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ-উল্লাস কৰি সন্ত্ৰাসবাদক সমর্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্রাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্রিত হ'ব লাগিব বুলি...

November 11, 2025 6:09 PM

views 57

কামৰূপ জিলাৰ মুঠ ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ মুঠ ৪ হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে বি টি চি, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্রতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ...

November 10, 2025 7:21 PM

views 65

গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে। এই অভিযানৰ অধীনত আজি প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হয়। দ্বিতীয় কিস্তিত ২৫ হাজাৰ আৰু তৃতীয় কিস্তিত ৫০ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত কয়, যে এই সুবিধা লাভ কৰিবলৈ হ'লে একোটা পৰিয়ালত সৰ্বাধিক দুটা সন্তান থাকিব লাগিব। ততোধিক সন্তান থকা দম্পত্তিয়...

November 10, 2025 6:30 PM

views 70

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো ...

November 10, 2025 5:49 PM

views 90

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্রীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত মন্ত্রী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পো...

November 4, 2025 11:02 AM

views 377

■ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ

■ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলে স্নাতক ডিগ্রী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ-মাতৃৰ পৰা ধন ল’বলৈ কুণ্ঠাবোধ কৰে। যু...