December 6, 2025 7:13 PM

views 60

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয়, যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্ট...

December 4, 2025 7:11 PM

views 58

একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত কীৰ্তন গৃহত ৰাজ্যবাসীৰ কল্যাণার্থে সেৱা আগবঢ়ায়। কলিয়াবৰৰ নিজ চিলাবন্ধাত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় পালনাম থানৰ গুৰু আসন আজি আচাৰ্য দেহেশ্বৰ বৰাই প্ৰতিষ্ঠা কৰে। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ধৰ্মীয় সংগঠনৰ পদাধিকাৰ, সত্ৰাধিকাৰকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ...

December 4, 2025 6:48 PM

views 67

তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰাশিৰ সঠিক ব্যৱহাৰ কৰি উপকৃত হ...

November 29, 2025 10:11 PM

views 64

১৯৫১ চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

● ১৯৫১ চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে চৰকাৰে ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে নিয়মৰ আধাৰত সময়সীমা নির্ধাৰণ কৰিছে।

November 27, 2025 1:14 PM

views 77

৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

● অহা ৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে এ ডি আৰ ইত উত্তীর্ণ প্রার্থীসকলো শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰিব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক ৩০০ টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰত...

November 25, 2025 12:29 PM

views 82

বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব: মুখ্যমন্ত্রী

● সমাগত বিধানসভা নির্বাচনত বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰঙিয়াত প্ৰকাশ কৰে। ইয়াৰে ২২ টা সমষ্টিত জনগাঁঠনিগত কাৰণত তেওঁলোক জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি ৰঙিয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাইজে ভালপোৱা প্রার্থীক প্রার্থীত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অগপৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্...

November 24, 2025 5:49 PM

views 77

ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ’বঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি ইজৰাইলৰ ৰাষ্ট্রদূত ৰিঅ’ভেন আজাৰৰ উপস্থিতিত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবল্‌ছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰে। ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজিৰ দিনটো অসমৰ কৃষি ক্ষেত্ৰত মাইলৰ খুটি বুলি মুখ্যমন্ত্রীয়ে অভিহিত কৰে। তেওঁ কয় যে ইজৰাইলৰ সৈতে সহযোগিতাৰে আৰম্ভ কৰিবলৈ লোৱা এই কেন্দ্ৰটোই অসমৰ কৃষিক্ষেত্রক বিশেষভাৱে শক্তিশালী কৰ...

November 24, 2025 5:43 PM

views 88

ৰঙিয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়াত কেইবাটাও অনুষ্ঠান উদ্বোধন কৰা লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰাৰ লগতে নতুনকৈ সাজি উলিওৱা ক্লক টাৱাৰো উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। আজি এই আঁচনিৰ জৰিয়তে প্রায় ৩৩ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়। অহা জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত ৩২ লা...

November 20, 2025 9:24 PM

views 77

চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ ৪ গৰাকী, স্নাতক শিক্ষকৰ ১৭৭ গৰাকী, নিম্ন প্রাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী শিক্ষক আছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এ...

November 17, 2025 6:08 PM

views 84

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনাইছে।