October 28, 2025 10:44 AM

views 182

নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব: মুখ্যমন্ত্ৰী

■ ৰাজ্য চৰকাৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি ব্যক্তিগত খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগ সৃষ্টি কৰি তেওঁলোকক সফলতাৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। ড° শৰ্মাই নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব বুলি উল্লেখ কৰে। তে...

October 27, 2025 8:54 PM

views 110

নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষণত কয়, যে ২০২৪-২৫ বৰ্ষত এই আঁচনিৰ অধীনত এক লাখ ৬০ হাজাৰ ছাত্ৰীলৈ ১৩৩ কোটি টকা মোকলাই দিয়া হৈছে আৰু ২০২৫-২৬ বৰ্ষত ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক ...

October 24, 2025 6:43 PM

views 106

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আত্মসহায়ক গোটৰ ১৩,১৩৯ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৩ হাজাৰ ১৩৯ গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ২০৮ খন বিচনাযুক্ত ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্য সেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে ...

October 24, 2025 5:55 PM

views 87

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ বক্তব্যত কয়, যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিনৱ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে এই পৰিকল্পনাৰ জৰিয়তে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰায় ৩২ লাখত...

October 13, 2025 7:46 PM

views 90

ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনোৱাত উদ্যোগীসকলৰ সন্তোষ প্রকাশ

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱাত উদ্যোগীসকলে সন্তোষ প্রকাশ কৰিছে। এই সন্দৰ্ভত বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে কয় যে অকালতে হেৰাই যোৱা শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁলোকে এইবাৰ শব্দবিহীন আতচবা...

October 13, 2025 7:34 PM

views 74

ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাৰে ফেচবুক লাইভত সকিয়নি মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰো আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য গ্রহণ কৰা হয়। উল্লেখযোগ্য যে, ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়...

October 8, 2025 7:40 PM

views 57

তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ৪০ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলাক ইত...

October 8, 2025 5:59 PM

views 62

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪,৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ...

October 7, 2025 12:52 PM

views 101

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব৷ মন্ত্ৰীসভাৰ বৈঠকত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক পাঁচ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱ...

October 7, 2025 12:45 PM

views 98

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ

● বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ ২৫ হাজাৰৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই আঁচনিৰ অধীনত ৩৮ লাখৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্য...