October 13, 2025 7:34 PM

views 72

ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাৰে ফেচবুক লাইভত সকিয়নি মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰো আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য গ্রহণ কৰা হয়। উল্লেখযোগ্য যে, ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়...

October 8, 2025 7:40 PM

views 56

তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ৪০ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলাক ইত...

October 8, 2025 5:59 PM

views 60

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪,৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ...

October 7, 2025 12:52 PM

views 99

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব৷ মন্ত্ৰীসভাৰ বৈঠকত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক পাঁচ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱ...

October 7, 2025 12:45 PM

views 92

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ

● বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ ২৫ হাজাৰৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই আঁচনিৰ অধীনত ৩৮ লাখৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্য...

October 1, 2025 8:57 PM

views 118

আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

September 25, 2025 10:27 PM

views 69

লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মৰাণসকলৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠকত অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান, গ্রেজিঙৰ ভূমিত বাস কৰা মৰাণসকলক ভূমিৰ অধিকাৰ প্ৰদান, স্বায়ত্তশাসিত পৰিষদৰ সীমা নির্ধাৰণ আদি...

September 16, 2025 7:37 PM

views 172

বিটিচি নিৰ্বাচনঃ ওদালগুৰিত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্রতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত পলাহগড়ত প্ৰচাৰ চলায়। তেওঁ আজি ৰাজগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ তাঁতিৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত...

September 8, 2025 7:13 PM

views 89

জন্ম শতবার্ষিকীত সুধাকণ্ঠক সোঁৱৰণ অসমবাসীৰ

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত কৃতজ্ঞ অসমবাসীয়ে আজি সুধাকণ্ঠক সোঁৱৰণ কৰিছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মু...

September 8, 2025 4:11 PM

views 99

প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰে বৈঠক

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ১৩ ছেপ্তেম্বৰত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি এখন বৈঠকত এই ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰদানমন্ত্রীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবলগীয়া গুৱাহাটীৰ ৰিং ৰোড আৰু নাৰেংগী-কুৰুৱা দলং তথা ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰে। তেওঁ আটাইকেইটা অনুষ্ঠান সফল কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগ...