October 1, 2025 8:57 PM

views 125

আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

September 25, 2025 10:27 PM

views 76

লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মৰাণসকলৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠকত অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান, গ্রেজিঙৰ ভূমিত বাস কৰা মৰাণসকলক ভূমিৰ অধিকাৰ প্ৰদান, স্বায়ত্তশাসিত পৰিষদৰ সীমা নির্ধাৰণ আদি...

September 16, 2025 7:37 PM

views 181

বিটিচি নিৰ্বাচনঃ ওদালগুৰিত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্রতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত পলাহগড়ত প্ৰচাৰ চলায়। তেওঁ আজি ৰাজগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ তাঁতিৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত...

September 8, 2025 7:13 PM

views 101

জন্ম শতবার্ষিকীত সুধাকণ্ঠক সোঁৱৰণ অসমবাসীৰ

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত কৃতজ্ঞ অসমবাসীয়ে আজি সুধাকণ্ঠক সোঁৱৰণ কৰিছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মু...

September 8, 2025 4:11 PM

views 102

প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰে বৈঠক

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ১৩ ছেপ্তেম্বৰত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি এখন বৈঠকত এই ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰদানমন্ত্রীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবলগীয়া গুৱাহাটীৰ ৰিং ৰোড আৰু নাৰেংগী-কুৰুৱা দলং তথা ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰে। তেওঁ আটাইকেইটা অনুষ্ঠান সফল কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগ...

September 4, 2025 12:19 PM

views 55

ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ’ব

■ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ জনার্ধনা দাস উপস্থিত থাকিব। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ জৰিয়তে প্রধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শি...

August 31, 2025 9:47 PM

views 71

শিলচৰৰ উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ আনটাইড পুঁজিৰ অধীনত এই মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী বৰাক উপত্যকাৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়া শিলচৰত উপস্থিত হয়। ড০ শৰ্মাই আজি শিলচৰৰ ৰাংগীৰখাৰি পইণ্টত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰি নেতাজীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। বাইট (চি এম) নেতাজী মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপন...

August 28, 2025 7:01 PM

views 85

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ উপ- মুখ্যমন্ত্রী চাওনা মেইনেও অংশগ্ৰহণ কৰা এই বৈঠকত শতবৰ্ষ উদযাপনৰ পৰিকল্পিত কাৰ্যসূচী সমূহৰ বিষয়ে আলোচনা কৰা হয়। অহা ৮ ছেপ্তেম্বৰৰ পৰা হবলগীয়া শতবর্ষ উদযাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড০ শৰ্মাই উদযাপন কাৰ্যসূচীৰ সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট ব...

August 25, 2025 10:13 AM

views 86

ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব: মুখ্যমন্ত্রী

● ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ কৰি কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত কয়, যে যি স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে সেই ঠাইৰ পৰা উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তন কৰা হ'ব। নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসম যাতে শেষ হৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা চলাই থকা বুল...

August 24, 2025 5:55 PM

views 70

মাৰ্ঘেৰিটাত আত্মসহায়ক গোটৰ সদস্যাৰ মাজত চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৮ হাজাৰ ৩৭০ গৰাকী সদস্যাৰ মাজত চেক বিতৰণ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ দিহিং ক্রীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে উদ্যোগী নাৰীসকলক ৰাজ্যৰ উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, যে এই অভিযানৰ অধীনত ধন লাভ কৰা মহিলা উদ্যোগীসকলে দক্ষতা আহৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সফল হ'...