August 4, 2025 12:37 PM
41
বিটিচিত কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
বিটিচিত জনজাতি, কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে। তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলাই কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপিয়ে এইবাৰ বিটিআৰ চৰকাৰ গঠন কৰি এখন নতুন বিটিআৰ গঢ় দিব। সকলো জাতি-জনগোষ্ঠীৰ সমিলমিলেৰে এখন সুস্থ বিটিআৰ গঠন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে ড° শৰ্মাই দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক...