ৰাজ্যত ক্রীড়াৰ পৰিৱেশ উন্নীত কৰাৰ বাবে আজি বিয়লি চাৰে ৪ বজাত তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্ৰকল্পৰ উদ্বোধন কৰা হ’ব। কোকৰাঝাৰত ক্ৰীড়া প্রশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। তদুপৰি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় ৰিফাইনেৰী লিমিটেড আদিৰ সহযোগত স্থাপন কৰা কেন্দ্ৰটোত উন্নত ক্ৰীড়া প্রযুক্তি, তৃণমূল পৰ্যায়ৰ এথলেটৰ বিভিন্ন সা-সুবিধা, তেওঁলোকৰ যোগ্যতা নিৰূপণ আদি ব্যৱস্থা থাকিব। ২৫ কোটি ৭০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ক্রীড়া প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গালোচা উপস্থিত থাকিব।
ইপিনে কোকৰাঝাৰ জিলাৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত আজি বড়োলেণ্ড চি ই এম কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত কাজলগাঁও দল কচুগাঁও দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
Assamese | July 15, 2025 12:37 PM | CM | today
ৰাজ্যত ক্রীড়াৰ পৰিৱেশ উন্নীত কৰাৰ বাবে আজি তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্ৰকল্পৰ উদ্বোধন