উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ ব্যয়, আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীত অনুষ্ঠিত হয়। কৰ্মবাহিনীৰ সদস্য, উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি আৰু ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী অধ্যাপক লালনীলাৱমাইও এই বৈঠকত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। তদুপৰি ছিকিমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চেৰিং থেণ্ডুক ভূটিয়াইও ভাৰ্চুৱেলি বৈঠকত অংশ লয়। বৈঠকত উত্তৰ-পূবৰ ৰে’ল, স্থল, জল আৰু বিমান পৰিবহণ খণ্ডত সূচনা হোৱা ব্যাপক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত উন্নয়নৰ বাবে ল’বলগীয়া পদক্ষেপসমূহেও গুৰুত্ব লাভ কৰে।
Assamese | August 7, 2025 12:58 PM | CM
উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ ব্যয়, আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় প্ৰথমখন বৈঠক অনুষ্ঠিত