December 10, 2024 8:52 PM

views 52

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰাৰ কথা প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰা হৈছে বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰি কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত এম জি এনৰেগাৰ অধীনত লেন-দেন হোৱা ৩৫ কোটিৰো অধিক টকাৰ ভিতৰত প্ৰায় ৩৪ হাজাৰ ৪৫ লাখ কোটি টকা আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে প্ৰদান কৰা হৈছে৷

November 30, 2024 8:29 PM

views 48

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ২০৩০ চনৰ ভিতৰত সৰ্প দংশনৰ বিষক্রীয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপন্থা শীৰ্ষক পদক্ষেপ গ্ৰহণ

সৰ্প দংশন আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়টো ৰাজ্যিক জনস্বাস্থ্য আইন বা অন্য প্রযোজ্য বিধিৰ অধীনত অধিসূচনা জাৰি কৰিবলগীয়া ৰোগ হিচাপে চিহ্নিত কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে। সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব নাইবা অতিৰিক্ত মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰত স্বাস্থ্য মন্ত্রালয়ে এই বিষয়ে প্রকাশ কৰিছে। বিশেষকৈ জনজাতি বসতিপ্রধান অঞ্চল আৰু কৃষকসকলৰ মাজত সৰ্প দংশনৰ ফলত মৃত্যু, অসুস্থতা আৰু অক্ষমতা সৃষ্টি হব পাৰে বুলি কেন্দ্ৰীয় স্বাস...

November 19, 2024 8:37 PM

views 72

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি হোৱা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি যোৱা ২৫ অক্টোবৰৰ পৰা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত আছে। এই পশুধন পিয়লত দেশৰ ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত অৰ্থনৈতিকভাৱে গুৰুত্ব থকা মুঠ ১৬ বিধ জীৱৰ ২১৯টা থলুৱা আৰু বৰ্ণসংকৰ জাতৰ পিয়ল কৰা হ'ব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ৬০৫ খন ৰাজহ চক্ৰৰ ৩২টা ৱাৰ্ড সামৰি পশুধন পিয়লৰ কাম পূর্ণগতিত চলি আছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিয়োগ কৰা ২৪ জন পর্যবেক্ষক বিষয়া আৰু তেওঁলোকৰ অধীনৰ ১২৮ জন গণনাকাৰীয়ে ঘৰে ঘৰে গৈ পশুধন আৰু পশুপালন সম্পৰ্কীয় যাৱতীয় তথ্য ...

November 8, 2024 11:53 AM

views 63

ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে কয় যে যোৱা অক্টোবৰৰ শেষ ভাগলৈ ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ৪ হাজাৰ ১০২ মেট্রিক টনৰ পৰা ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কয় যে শেহতীয়া কেইটামান বছৰত ব্ৰাজিলৰ মাটি মাহৰ দাইলৰ গুৰুত্বপূৰ্ণ যোগানকাৰী ৰূপে পৰিগণিত হৈছে আৰু দেশখন ভাৰতৰ মাটি মাহ আৰু ৰহৰ দাইলৰ আমদানিৰ উৎস হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে লগতে ভাৰতীয় ৰাষ্ট্রীয় সমবায় গ্ৰাহক সংঘৰ মাধ্যমেৰে অসম, মেঘালয়, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ...

November 5, 2024 2:23 PM

views 67

হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কেন্দ্ৰৰ

হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে কেন্দ্ৰই ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কৰিছে। হাৰিয়ানাৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিশ্চয়সমূহক প্রথম কিস্তিৰ অংশ হিচাপে প্রায় ১৯৫ কোটি টকাৰ অনুদান প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ ১৮ খন যোগ্য জিলা পঞ্চায়ত, ১৩৯ ব্লক পঞ্চায়ত আৰু ৫,৯১১ খন গ্ৰাম পঞ্চায়তে এই অনুদান লাভ কৰিব৷ একেদৰে ত্ৰিপুৰাৰ ১২৬০ খন গ্ৰাম্য স্থানীয় নিকায়ৰ বাবে ৩১.৪০ কোটি টকাৰ প্ৰথম কিস্তি আৰু ৪৭.১০ কোটি টকাৰ টাইদ অনুদানৰ প...

October 10, 2024 8:34 PM

views 57

কৰ হস্তান্তৰৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে আজি কৰ হস্তান্তৰৰ অংশ হিচাপে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিয়ে। বিত্ত মন্ত্রালয়ে প্ৰকাশ কৰা মতে আসন্ন উৎসৱৰ বতৰলৈ চাই ৰাজ্যসমূহৰ মূলধনী ব্যয় আৰু বিকাশমূলক কামকাজ আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অগ্রিম কিস্তি মুকলি কৰি দিয়া হৈছে। ইয়াৰ অধীনত উত্তৰ প্ৰদেশলৈ সৰ্বাধিক ৩১ হাজাৰ ৯৬৫ কোটি টকা মোকলাই দিয়া হৈছে। এই ক্ষেত্ৰত বিহাৰ আৰু মধ্যপ্রদেশ দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

October 9, 2024 8:07 PM

views 72

তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ভিটামিন আদি সংযোগ কৰি পুষ্টিদায়ক কৰি তোলা পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই সিদ্ধান্তক সৰ্বাত্মক বিকাশ আৰু পুষ্টি সুৰক্ষা সুনিশ্চিতকৰণৰ এটা পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ কয় যে এই যোজনাৰ বাবদ ১৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় হ'ব। বিকাশ ভি বিৰাছট ভি উদ্যম সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় য...

October 2, 2024 8:17 PM

views 36

ৰাজ্যৰ ৮ বিধ সামগ্ৰীৰ কেন্দ্ৰীয় চৰকাৰৰ জি আই টেগৰ স্বীকৃতি লাভ

ৰাজ্যৰ ৮ বিধ সামগ্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ আৰ'নাই আৰু পৰম্পৰাগত পানীয় জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, জৌ গিচি, শুকান মাছৰ পৰা প্ৰস্তুত কৰা জনগোষ্ঠীয় খাদ্য বড়ো নাফামা আৰু বড়োসকলৰ পৰম্পৰাগত খাদ্য অগুলা বড়ো গৌখা আৰু বড়ো নাৰ্জিলৈ ভাৰত চৰকাৰৰ এই স্বীকৃতি আগবঢ়োৱা হৈছে।

September 13, 2024 5:46 PM

views 82

ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে সদ্য অনুমোদিত প্রধানমন্ত্রী ই-বাছ সেৱা পেমেণ্ট ছিকিউৰিটি মেকানিজিম আঁচনিখনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে ৩৮ হাজাৰতকৈ অধিক ইলেকট্রিক বাছ নিয়োগ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিখনত অনুমোদন জনাইছে। আঁচনিখনে নিয়োগৰ পৰা ১২ বছৰলৈকে ই-বাছৰ পৰিচাল...

September 9, 2024 8:13 PM

views 49

এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে এম পক্স নাইবা মাংকি পক্সত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই পৰামৰ্শ জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এম পক্সক লৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ সৃষ্টিকাৰী জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই এই বিষয়ে নিৰ্দেশনা জাৰি কৰে। এই পৰামৰ্শত মন্ত্ৰ্যালয়ে এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এনে ঘটনা চিনাক্ত হোৱা মাত্রেই অৱগত কৰি ...