হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে কেন্দ্ৰই ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কৰিছে। হাৰিয়ানাৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিশ্চয়সমূহক প্রথম কিস্তিৰ অংশ হিচাপে প্রায় ১৯৫ কোটি টকাৰ অনুদান প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ ১৮ খন যোগ্য জিলা পঞ্চায়ত, ১৩৯ ব্লক পঞ্চায়ত আৰু ৫,৯১১ খন গ্ৰাম পঞ্চায়তে এই অনুদান লাভ কৰিব৷
একেদৰে ত্ৰিপুৰাৰ ১২৬০ খন গ্ৰাম্য স্থানীয় নিকায়ৰ বাবে ৩১.৪০ কোটি টকাৰ প্ৰথম কিস্তি আৰু ৪৭.১০ কোটি টকাৰ টাইদ অনুদানৰ প্ৰথম কিস্তি মুকলি কৰি দিয়া হৈছে। মিজোৰামৰ স্বায়ত্তশাসিত জিলা পৰিষদ অঞ্চলসমূহকে ধৰি ৮৩৪ খন গাঁও পৰিষদৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তিৰ ১৪.২০ কোটি টকা আৰু ২০২২-২৩ বৰ্ষৰ টাইড অনুদানৰ দ্বিতীয় কিস্তিৰ ২১.৩০ কোটি টকাৰ অনুদান মুকলি কৰি দিয়া হৈছে।
Assamese | November 5, 2024 2:23 PM | Central Govt. | Finance Ministry | India Govt.
হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কেন্দ্ৰৰ