November 16, 2024 5:56 PM

views 54

ঝাৰখণ্ডৰ লিট্ৰিপাৰা বিধানসভা সমষ্টিৰ জে এম এম দলৰ বিধায়ক দিনেশ মাৰাণ্ডিৰ বিজেপিত যোগদান

ঝাৰখণ্ডৰ লিট্ৰিপাৰা বিধানসভা সমষ্টিৰ জে এম এম দলৰ বিধায়ক দিনেশ মাৰাণ্ডিয়ে বিজেপিত যোগদান কৰিছে। বিজেপিত যোগদান কৰাৰ পাছতে বিধায়কগৰাকীয়ে কয় যে ৰাজ্যখনত হেমন্ত চোৰেণ নেতৃত্বৰ চৰকাৰখনে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদান কৰিছে। শ্ৰীমাৰাণ্ডিয়ে আজি বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা শিৱৰাজ সিং চৌহানৰ উপস্থিতিত দলটোত যোগদান কৰে। ইফালে ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলীয় প্ৰাৰ্থীৰ সমৰ্থনৰ বাবে এন ডি এ আৰু আই এন ডি আই মিত্ৰযোটে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি...

November 2, 2024 7:57 PM

views 58

কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়ঃ বিজেপি

বিজেপিয়ে কৈছে যে, কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ আৰ্থিক স্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে, হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ ওচৰত কৰ্মচাৰীক দৰমহা আদায়ৰ বাবেও পৰ্য্যাপ্ত ধন নাই আৰু কৰ্ণাটকৰ পৰিস্থিতিও অনুৰূপ। কংগ্ৰেছক সমালোচনা কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, কংগ্ৰেছ কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ নহয়। ড০ ত্রিবেদ...

November 1, 2024 5:51 PM

views 53

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰৰ সিং ৰানাৰ মৃত্যু

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক আৰু বিশিষ্ট ব্যৱসায়ী দেৱেন্দ্ৰৰ সিং ৰানাৰ যোৱা নিশা ফৰিদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৯ বছৰ। তেওঁ ইহসংসাৰত মাতৃ, পত্নী, তিনিটা সন্তান আৰু কেন্দ্ৰীয় ৰাজ্যত মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংকে ধৰি দুজন ভাতৃক এৰি থৈ যায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰ সিং ৰানাৰ মৃত্যুত শোক প্ৰকাশ কৰে। ছ'চিয়েল মিডিয়াত এটা পোষ্টত প্রধানমন্ত্ৰীয়ে ক...

October 10, 2024 5:19 PM

views 67

কলকাতাত উপস্থিত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জেপি নাড্ডা

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডা আজি কলকাতাত উপস্থিত হয়৷ তেওঁ বেলুৰ মঠ ভ্ৰমণ কৰিব আৰু দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত শ্ৰী নাড্ডা সন্তোষ মিত্র square দুর্গা পূজা মণ্ডপলৈ যাব। তেঁও লগতে শেহতীয়াকৈ ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱা বাংলা ভাষা সন্দৰ্ভত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শেহতীয়াকৈ বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে।

September 11, 2024 1:19 PM

views 54

বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰত ২ কোটিৰো অধিক নতুন সদস্য অন্তৰ্ভুক্ত

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰতে ২ কোটিৰো অধিক নতুন সদস্য দলত অন্তৰ্ভুক্ত হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২ ছেপ্তেম্বৰত সদস্য-পদ গ্রহণ কৰি এই অভিযানৰ আৰম্ভ কৰিছিল। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাওড়েই এটা বিবৃতিযোগে কৈছে যে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক এন সন্তোষে সুকীয়া সুকীয়াকৈ উত্তৰ প্ৰদেশ, বিহাৰ, ছত্তিশগড়, মধ্য প্রদেশ, ওড়িশা, কর্ণাটক, তামিলনাড়ু, গুজৰাট আৰু ৰাজস্থানৰ ক...

September 7, 2024 9:11 PM

views 59

হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা বিজেপিৰ

বিজেপিয়ে হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি কৈছে যে, বিৰোধী মিত্ৰজোটটোৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত মিত্রতা স্থাপন হ'ব পাৰে বুলি চলা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ মুখপাত্র শ্বেহজাদ পুণেৱালাই আজি নতুন দিল্লীত কয় যে, পাঞ্জাৱত আম আদমী পাৰ্টী আৰু কংগ্ৰেছ পৰস্পৰৰ বিৰোধী। পূৰ্বতে দিল্লীত মিত্রতা স্থাপন কৰা কংগ্ৰেছ আৰু আম আদমী পাটীৰ মাজত দেখা দিয়া অনিশ্চয়তাই দল দুটাৰ হতাশাকে প্রতিফলিত কৰিছে বুলি ম...

September 6, 2024 8:41 PM

views 51

চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সম্বিত পাত্ৰাই কয় যে, ঘটনাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃয়ে জিলাধিপতিয়ে ধনৰ প্ৰস্তাৱ দিয়া বুলি আৰু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রীপাত্ৰাই কয় যে, এই ঘটনাক লৈ লুকাবলগীয়া এনে কি আছিল, যাৰ বাবে তৃণমূল চৰকাৰে বিষয়াগৰাকীক ধনৰ প্ৰস্তাৱ লৈ ভুক্তভোগী পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছিল৷

September 6, 2024 6:58 PM

views 58

দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰত উপস্থিত হয়৷ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাড্ডাই অহা বছৰ হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পাৰ্টনাত দলৰ নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে৷ তেওঁ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্রতিষ্ঠানলৈ যাব আৰু প্ৰতিষ্ঠানখনৰ নতুন সা-সুবিধা মুকলি কৰিব। শ্ৰীনাড্ডাৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্য সেৱাৰ আন্...

September 3, 2024 8:12 PM

views 52

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এক লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ১২ গৰাকী চাকৰি প্রত্যাশী দৌৰাৰ সময়ত মৃত্যু হয়। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ প্ৰভাৰী থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাকৰি প্রত্যাশীসকলৰ শাৰিৰীক পৰীক্ষাৰ সময়ত মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত তদন্তৰ দাবী উত্থাপন কৰিব। শ্ৰীশৰ্মাই কয় যে হেমন্ত চোৰেণ চৰকাৰে মৃত্যু হোৱা ...

September 2, 2024 9:00 AM

views 67

আজিৰে পৰা আৰম্ভ বিজেপিৰ সদস্যতা ভর্তি অভিযান

■ বিজেপিৰ সদস্যতা ভর্তি অভিযান আজিৰে পৰা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্যতাৰ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণেৰে এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। বৰ্তমানৰ দলৰ সকলো সদস্যই তেওঁলোকৰ সদস্যতাৰ নবীকৰণ কৰাব লাগিব। বিজেপিৰ সংবিধান অনুসৰি প্ৰতি ৫ৰ পৰা ৬ বছৰত সদস্যতা অভিযান অনুষ্ঠিত হয়। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্যতা অভিযানৰ প্ৰথম পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰ...