বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক আৰু বিশিষ্ট ব্যৱসায়ী দেৱেন্দ্ৰৰ সিং ৰানাৰ যোৱা নিশা ফৰিদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৯ বছৰ। তেওঁ ইহসংসাৰত মাতৃ, পত্নী, তিনিটা সন্তান আৰু কেন্দ্ৰীয় ৰাজ্যত মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংকে ধৰি দুজন ভাতৃক এৰি থৈ যায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰ সিং ৰানাৰ মৃত্যুত শোক প্ৰকাশ কৰে। ছ’চিয়েল মিডিয়াত এটা পোষ্টত প্রধানমন্ত্ৰীয়ে কয় যে তেওঁৰ অকাল বিয়োগে স্তম্ভিত কৰি তুলিছে। ৰাণাই জম্মু-কাশ্মীৰৰ উন্নয়নৰ দিশত নিস্বাৰ্থ ভাৱে কাম কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁৰ কামৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত বিজেপিক শক্তিশালী কৰি তোলাত ৰাণাই গ্রহণ উল্লেখযোগ্য ভূমিকাৰ ওপৰতো আলোকপাত কৰে। গৃহমন্ত্রী অমিত শ্বাহে কয় যে দেবেন্দেৰ সিং ৰাণাই জম্মু-কাশ্মীৰৰ শান্তি আৰু উন্নয়নৰ প্ৰতি সদায় উৎসৰ্গিত আছিল আৰু অঞ্চলটোৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াইছিল। তেওঁ লগতে কয় যে শ্ৰীৰানাৰ মৃত্যু বিজেপিৰ বাবে অপূৰ্ণীয় ক্ষতি।
Assamese | November 1, 2024 5:51 PM | BJP | devender singh rana | Jammu and Kashmir
বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰৰ সিং ৰানাৰ মৃত্যু