May 6, 2025 8:02 PM

views 92

বিৰোধী দলৰ কেইবাগৰাকীও সদস্যৰ আজি ভাৰতীয় জনতা পাৰ্টীত অনুষ্ঠানিক যোগদান

আম আদমী পাৰ্টীৰ হৈ গুৱাহাটী পৌৰ নিগমলৈ নিৰ্বাচিত পাৰিষদ মাছুমা বেগম, অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত পাৰিষদ কল্পনা দাস, কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জনজাতীয় কোষৰ সাধাৰণ সম্পাদিকা অঞ্জলি ব্রহ্মকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই আজি ভাৰতীয় জনতা পাৰ্টীত অনুষ্ঠানিকভাৱে যোগদান কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়- বাজপেয়ী ভৱনত আয়োজিত এটা অনুষ্ঠানত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই তেওঁলোকক দলটোত আনুষ্ঠানিক...

May 6, 2025 9:43 AM

views 88

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব: মুখ্যমন্ত্রী

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব। বজালীত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বজালীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মিত্ৰতা অটুত থাকিলেও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা কম-বেছি হ'ব পাৰে। ইপিনে, বিটিআৰৰ আসন্ন নির্বাচনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্রতা নহ'বও পাৰে বুলি জানিবলৈ দিয়ে। অৱশ্যে বিটিআৰ নিৰ্বাচনত বিজেপি আৰু ইউ পি পি এলে বন্ধুত্বমূলক...

April 21, 2025 3:43 PM

views 82

ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰৰ সমালোচনা

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিয়ে নেতাগৰাকীক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই, শ্ৰীগান্ধীয়ে দেশৰ বাহিৰত ভাৰতীয় গণতন্ত্ৰৰ কুৎসা ৰটনা কৰা বুলি অভিযোগ কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্রমণাত্মক স্থিতি গ্রহণ কৰি শ্ৰীপাত্রই কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদলসমূহে জয়লাভ কৰা ঝাৰখণ্ড বিধানসভা নির্বাচনতো ফলাফলৰ...

April 11, 2025 8:51 PM

views 62

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলে পঞ্চায়ত নিৰ্বাচনৰ তাৰকা প্ৰচাৰক হিচাপে নির্বাচনী প্ৰচাৰত ভাগ ল'ব।বিজেপিয়ে ইতিমধ্যে দ্বিতীয়খন প্রার্থী তালিকা প্রকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভ...

February 21, 2025 8:33 PM

views 62

কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে বিদেশী শক্তিৰ সমৰ্থন গ্ৰহণ কৰিছে বুলি বিজেপিৰ অভিযোগ

কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে বিদেশী শক্তিৰ সমৰ্থন গ্ৰহণ কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰে। দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতা গৌৰৱ ভাটিয়াই কয় যে নির্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে আমেৰিকাৰ সাহায্য গ্ৰহণ কৰা হৈছে। বিদেশী শক্তিৰ সমৰ্থন পালেও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছে কেতিয়াও পৰাভুত কৰিব নোৱাৰিব বুলি শ্রীভাটিয়াই মত প্রকাশ কৰে। ইপিনে, কংগ্ৰেছ নেতা পৱন খেৰাই আমেৰিকাৰ পৰা কংগ্ৰেছে ২১ মিলিয়ন ডলাৰ আৰ্থিক সাহায্য গ্রহণ কৰা বুলি বিজে...

February 17, 2025 8:41 PM

views 77

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন শক্তি আৰু প্ৰভাৱশালী দেশ হিচাপে পৰিচিতি লাভ কৰিছে, সেই সময়ত এনে ধৰণৰ দায়িত্বহীন মন্তব্যই সমগ্র দেশবাসীক লজ্জিত কৰিছে। ত্রিবেদীয়ে এনেধৰণৰ দায়িত্ব জ্ঞানহীন মন্তব...

February 11, 2025 3:49 PM

views 58

চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছেঃ জে পি নাড্ডা

স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এনে অঞ্চলসমূহত স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ চিনাক্ত কৰি চিকিৎসা প্ৰদানৰ বাবে এটা বৃহৎ ব্যৱস্থা গঢ়ি তোলা হৈছে। জনজাতীয় অঞ্চলসমূহত গৈ চিকিৎসা সেৱা প্ৰদানৰ বাবে চিকিৎকসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শ্ৰী নয়ডাই উল্লেখ কৰে।

January 16, 2025 8:41 PM

views 68

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্রকাশ

বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্রকাশ কৰিছে। দলে দিল্লী কেণ্টনমেণ্ট আসনৰ পৰা ভুৱন টানৱাৰক প্ৰাৰ্থিত্ব দিছে। অনিল ৱশিষ্ঠক বাবৰপুৰ আসনৰ পৰা আৰু শিখা ৰায়ক গ্ৰেটাৰ কৈলাশ আসনৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। কংগ্ৰেছ দলেও আজি ইয়াৰ ৪ৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৰ উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে বাৱানা আসনত সুৰেন্দ্ৰৰ কুমাৰ, কৰোলবাগ আসনত ৰাহুল ধানাক আৰু ৰোহিনীৰ আসনত সুমেশ গুপ্তা। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত ভোট গ্রহণ...

January 7, 2025 9:02 PM

views 53

দুদিনীয়া অসম ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডা দুদিনীয়া অসম ভ্রমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। নিশাটো তেওঁ গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ পুৱা তেজপুৰলৈ যাত্ৰা কৰিব৷ ইয়াৰ পাছত তেওঁ দুপৰীয়া মঙলদৈলৈ আহিব আৰু দিনৰ ১২ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নির্মাণ কৰিবলগীয়া ক্রিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ২৩ কোটি ৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ক্রিটি...

December 19, 2024 4:30 PM

views 88

শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্যৰ প্ৰতিবাদৰ মাজত সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত

শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্য উভয়ে পৰস্পৰৰ বিৰুদ্ধে সুকীয়াকৈ কৰা প্ৰতিবাদৰ মাজতে আজি সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত হয়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাৰংগীয়ে কয় যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ঠেলি দিয়া এগৰাকী সাংসদ অতর্কিতে গাৰ ওপৰত পৰি যোৱাত তেওঁ আহত হয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই ঘটনাক গৰিহণা দিয়ে। তেওঁ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদসকলে বিজেপিৰ সাংসদজনক আক্রমণ কৰিছিল বুলিও অভিযোগ তোলে। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে শ...