August 4, 2025 8:31 PM

views 124

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত নেতাগৰাকীক তীব্ৰ সমালোচনা বিজেপিৰ

গালৱান সংঘৰ্ষৰ পাছত ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত বিজেপিয়ে আজি নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীৰ মন্তব্যক দুর্ভাগ্যজনক বুলি আখ্যা দিছে। তেওঁ কয় যে লোকসভাৰ বিৰোধী নেতাগৰাকীৰ দায়িত্বজ্ঞানহীন মন্তব্যই দেশৰ সাহসী সৈন্য বাহিনীৰ মনোবল হ্ৰাস কৰিছে।

July 17, 2025 9:10 PM

views 112

বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ উদ্যোগত আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীয়ে দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। অনুষ্ঠানত প্ৰাক্তন আলফা নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা, আম আদমী পাৰ্টী, অসমৰ প্ৰাক্তন সভাপতি তথা ২০২১ৰ লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্রার্থী মনোজ ধানোৱাৰ, অসম গোর্খা সন্মিলনৰ সভাপতি অর্জুন চেত্রী, অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক আৰু মুখপাত্র অমল পাটোৱাৰী, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা ত্ৰিদিপ তালুকদাৰ, শোণিতপুৰ জিলা কংগ্ৰেছ...

June 19, 2025 6:29 PM

views 76

বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত বিজেপি ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা

ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই আজি অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলযোগে ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰিছে। তেওঁ দলটোৰ ১০গৰাকী উপ-সভাপতি, চাৰিগৰাকী সাধাৰণ সম্পাদক, ১০গৰাকী সম্পাদক, কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ লগতে ছ'চিয়েল মিডিয়া তত্বাৱধায়কৰ নাম ঘোষণা কৰে। মুখ্য মুখপাত্র, মিডিয়া আহ্বায়ক আৰু কাৰ্যালয় তত্বাৱধায়কৰ নামো সংবাদ মেলত ঘোষণা কৰা হয়। অহা ১০ দিনৰ ভিতৰত দলৰ ৮ টা মৰ্চাৰ সভাপতিসকলৰ নামো ঘোষণা কৰা হ'ব বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিছে।...

June 11, 2025 6:07 PM

views 95

২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্ৰী মোদীয়ে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে আয়োজিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ওড়িশা চৰকাৰে ওড়িশা প্ৰশাসনীয় সেৱাৰ ৬০ গৰাকী বিষয়াক দায়িত্ব অৰ্পন কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে শেহতীয়া নতুন দিল্লী ভ্ৰমণকালত তেওঁৰ চৰকাৰৰ প্ৰথম বৰ্ষপূর্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰ...

June 10, 2025 7:12 PM

views 61

বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে প্ৰতিৰক্ষা উৎপাদনত সম্প্রতি আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰতাক গুৰুত্ব দিয়া হৈছে। তেওঁ কয়, যে দেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবাসীয়ে ঐক্যবদ্ধহৈ কাম কৰিছে।

June 2, 2025 9:52 AM

views 92

২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: গৃহমন্ত্ৰী

গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হৈছে। সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ এতিয়া পশ্চিমবংগৰ অন্যতম গুৰুতৰ সমস্যা। ৰাজ্যখনত ...

May 21, 2025 7:58 PM

views 57

অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে শ্ৰী খাৰ্গেৰ মন্তব্য সঁচাকৈ গৰিহণাযোগ্য আৰু সশস্ত্র বাহিনীৰ প্ৰতি অপমানজনক। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও পূৰ্বে এনেধৰণৰ মন্তব্য কৰা বুলি উল্লেখ কৰে।কালি কৰ্ণাটকৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী খার্গেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানৰ বিষয়ে উল্লেখ কৰি আপত্তিজনক মন্তব...

May 20, 2025 12:19 PM

views 54

বিটিআৰ নিৰ্বাচনত ইউ পি পি এলৰ সৈতে বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব বুলি মুখ্যমন্ত্রীৰ প্রকাশ

বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অকলে প্রতিদ্বন্দ্বিতা কৰিব যদিও ইউ পি পি এলৰ সৈতে মিত্ৰতাসূচক দৃষ্টিভংগী অব্যাহত থাকিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দুয়োটা দলে অকলে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব যদিও পৰস্পৰক সমালোচনাৰ পৰা বিৰত থাকিব। যোৱাবাৰৰ নিৰ্বাচনত বিজেপিয়ে ২৫টা সমষ্টিত প্রার্থী দিছিল আৰু এইবাৰো কমেও ২৫ টা সমষ্টিটে প্রতিন্দ্বন্দ্বিতা কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই বি টি আৰৰ নি...

May 12, 2025 6:19 PM

views 124

অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ স্পষ্ট বার্তা দিয়া বুলি বিজেপিৰ প্ৰকাশ

বিজেপিয়ে আজি কয়, যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ এটা স্পষ্ট বার্তা দিলে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত দলটোৰ মুখপাত্র সম্বিত পাত্রই কয়, যে পাকিস্তান আৰু দেশখনে চলাই থকা সন্ত্রাসবাদক বিশ্বৰ সন্মুখত উন্মোচন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে ২০ খন দেশৰ নেতৃবৰ্গৰ সৈতে কথা পাতে। চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি বহুকেইখন ইছলামিক দেশে এইক্ষেত্ৰত ভাৰতৰ প্ৰতি সমর্থন ব্যক্ত কৰে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে। ...

May 6, 2025 8:02 PM

views 89

বিৰোধী দলৰ কেইবাগৰাকীও সদস্যৰ আজি ভাৰতীয় জনতা পাৰ্টীত অনুষ্ঠানিক যোগদান

আম আদমী পাৰ্টীৰ হৈ গুৱাহাটী পৌৰ নিগমলৈ নিৰ্বাচিত পাৰিষদ মাছুমা বেগম, অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত পাৰিষদ কল্পনা দাস, কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জনজাতীয় কোষৰ সাধাৰণ সম্পাদিকা অঞ্জলি ব্রহ্মকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই আজি ভাৰতীয় জনতা পাৰ্টীত অনুষ্ঠানিকভাৱে যোগদান কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়- বাজপেয়ী ভৱনত আয়োজিত এটা অনুষ্ঠানত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই তেওঁলোকক দলটোত আনুষ্ঠানিক...