জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিয়ে নেতাগৰাকীক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই, শ্ৰীগান্ধীয়ে দেশৰ বাহিৰত ভাৰতীয় গণতন্ত্ৰৰ কুৎসা ৰটনা কৰা বুলি অভিযোগ কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্রমণাত্মক স্থিতি গ্রহণ কৰি শ্ৰীপাত্রই কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদলসমূহে জয়লাভ কৰা ঝাৰখণ্ড বিধানসভা নির্বাচনতো ফলাফলৰ ক্ষেত্ৰত বুজাবুজি কৰা হৈছিল নেকি, সেই বিষয়ে কংগ্ৰেছ নেতাগৰাকীয়ে উত্তৰ দিয়া উচিত।
Assamese | April 21, 2025 3:43 PM | Akashvani News | BJP | Rahul Gandhi | Sambit Patra
ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰৰ সমালোচনা