October 6, 2026 5:46 PM
1
কংগ্ৰেছে দেশত অৰাজকতাৰ পৰিস্থিতি সৃষ্টিৰ পৃষ্ঠপোষকতা কৰি আহিছেঃ বিজেপি
বিৰোধী দল বিশেষকৈ কংগ্ৰেছে দেশত অৰাজকতাৰ পৰিস্থিতি সৃষ্টিৰ পৃষ্ঠপোষকতা কৰি আহিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত দলৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰই কয়, যে বিৰোধী দলসমূহে দেশৰ সাংবিধানিক সংস্থাসমূহৰ বিৰুদ্ধে অপ্রীতিকৰ মন্তব্য আগবঢ়োৱাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰি আহিছে। সময়ে সময়ে বিৰোধী দলসমূহে সেনা বাহিনী, উচ্চতম ন্যায়ালয়, হিন্দুস্তান এৰোনেটিক্স লিমিটেড আৰু ই ভি এমক লক্ষ্য কৰি লৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীপাত্ৰই কয় যে বিগত কিছুদিন ধৰি বিৰোধীয়ে নির্বাচন আ...