February 17, 2025 6:03 PM

views 65

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত ৫ জনীয়া ডকাইটৰ দলৰ ২ লাখতকৈও অধিক টকা লুট

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত কালি নিশা ৫ জনীয়া ডকাইটৰ দল এটাই দুই লাখতকৈও অধিক টকা লুট কৰে। ধর্মধমাত থকা ভাৰত পেট্ৰ’লিয়াম ডিপত দুৰ্বৃত্তৰ দলটোৱে বাইকেৰে আহি কেশ্ব কাউণ্টাৰৰ দৰ্জা ভাঙি ধনখিনি লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে। কেশ্ব কাউণ্টাৰত শুই থকা কৰ্মচাৰীজনক দলটোৱে কম্বলেৰে হেচা মাৰি ধৰি টকাখিনি লৈ পলায়ন কৰে। ঘটনাৰ খবৰ পাই ধমধমা আৰক্ষীয়ে নিশাই পেট্ৰ’ল ডিপ’টোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

January 19, 2025 7:25 PM

views 66

অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ সামৰণি

বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সম্বন্বয় ক্ষেত্ৰত যোৱা ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ আজি সামৰণি পৰে। এই উপলক্ষে দিনৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বি টি আৰ প্ৰধান প্রমোদ বড়ো, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা, উৰ্খাও গৌড়া ব্ৰহ্মকে ধৰি বি টি আৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অং...

January 3, 2025 9:53 PM

views 60

 ছাত্ৰ-ছাত্ৰীৰ মাজত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ চাইকেল বিতৰণ

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আজি বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শালবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰে বিটিআৰ প্ৰশাসনৰ সহযোগত বিতৰণ কৰা চাইকেলৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি তেওঁ অৱগত কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে কেইবাটাও অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা তেওঁ প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰ...

January 2, 2025 8:06 PM

views 62

বাক্সা জিলাৰ খাৰুৱাত এড়ী সূতা উৎপাদন কাৰখানা মুকলি

মহিলা সবলীকৰণৰ ক্ষেত্ৰত বি টি আৰ চৰকাৰৰ বিশেষ পদক্ষেপ হিচাপে আজি বাক্সা জিলাৰ খাৰুৱাত থকা হস্ততাঁত বস্ত্ৰ সংহত উদ্যানৰ চৌহদত এটা এড়ী সূতা উৎপাদন কাৰখানা মুকলি কৰা হয়। বি টি চিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি এই কাৰখানাটো উদ্বোধন কৰি কয় যে গ্রামাঞ্চলৰ মহিলাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে এই এড়ী সূতা উৎপাদন কাৰখানা স্থাপন কৰা হৈছে। উত্তৰ-পূব আঞ্চলিক বস্ত্ৰশিল্প প্ৰচাৰ আঁচনিৰ অধীনত ১৪ কোটি ৯২ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই কাৰখানাটোত দৈনিক ২০০ কিলোগ্রাম এড়ী সূত...

November 19, 2024 6:39 PM

views 52

হাতীৰ জাকৰ দলপতিৰ গাত বাক্সাৰ বন সংমণ্ডল বিষয়াৰ ৰেডিঅ’ কলাৰ স্থাপন

বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত এটা হাতীৰ জাকৰ দলপতি মখনাৰ গাত বাক্সাৰ বন সংমণ্ডল বিষয়াই ৰেডিঅ' কলাৰ স্থাপন কৰে। ইয়াৰ ফলত জিলা প্ৰশাসন আৰু বন বিভাগে হাতীৰ জাকটোৰ গতি-বিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিব পাৰিব। এতিয়াৰেপৰা জনাঞ্চলত হাতীৰ উপস্থিতিৰ বিষয়েও আগতীয়াকৈ জানিব পৰা হ'ব। উল্লেখযোগ্য যে ৰেডিঅ' কলাৰিং হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প। এই প্ৰকল্পৰ সৈতে হাতীৰ গতি-বিধি নিৰীক্ষণ কৰাৰ বাবে বাক্সা জিলাৰ বন বিষয়া আৰু মানস ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ বন প...

November 17, 2024 6:38 PM

views 68

বাক্সাৰ জালাহত অসম আৰক্ষীৰ শিশু অধিকাৰ সপ্তাহ ২০২৪ উদযাপন

বাক্সা জিলাৰ জালাহত আজি অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত শিশু অধিকাৰ সপ্তাহ ২০২৪ উদযাপন কৰা হয়। শিমলা আৰক্ষী থানাৰ উদ্যোগত আৰু ডাঃ অনন্ত একাডেমী, জালাহৰ সহযোগত আয়োজিত সভাত শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই ছাত্র-ছাত্রীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ডাঃ অনন্ত একাডেমীৰ অধ্যক্ষ ভৱেশ শৰ্মাই সভাপতিত্ব কৰা সভাখনত শিমলা থানাৰ ভাৰপ্ৰাপ্ত চন্দন গগৈ, জালাহ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গায়ত্ৰী গগৈ, জালাহ উন্নয়ন সমিতিৰ সম্পাদক সত্যজিৎ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু দুই ...

November 5, 2024 8:51 PM

views 64

বাক্সাত নাবাৰ্ডৰ উদ্যোগত মৃত শিল্প প্রদর্শন তথা উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

জীৱিকা আৰু উদ্যোগ বিকাশ কাৰ্যসূচীৰ অংশ হিচাপে বাক্সা জিলাৰ চৰ্ণাট আজি নাবাৰ্ডৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ সহযোগত মৃত শিল্প প্রদর্শন তথা উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত নাবাৰ্ডৰ জৰিয়তে আধুনিক পদ্ধতিৰে মৃত শিল্পক এটা নতুন ৰূপ প্ৰদান কৰি ইয়াৰ ৯০ গৰাকী মহিলাক জীৱিকা আৰু উদ্যোগ বিকাশ কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই জীৱিকা আৰু উদ্যোগ বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

October 25, 2024 7:45 PM

views 61

বাক্সাত বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত

বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰি খেলপথাৰত আজি বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত হয়। কৃষি বৈচিত্ৰতা বৃদ্ধি আৰু কৃষক সমাজৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে বিটিআৰৰ সমবায় সমিতিসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আলোচনাচক্ৰ আৰু প্ৰদৰ্শনীৰ উদ্বোধন কৰি কৃষিখণ্ডত সমবায় সমিতিয়ে পালন কৰা পৰিৱৰ্তনশীল ভূমিকা সন্দৰ্ভত মন্তব্য কৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মসহ বহুকেইগৰাকী ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

September 6, 2024 9:08 PM

views 63

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষীৰ অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু শিমলাগুৰি আৰক্ষী চকীৰ সহযোগত কালি নিশা বাক্সাৰ বেলগুৰিত চলোৱা এটা অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ কৰা হয়। গোবৰ্ধনাৰ গামাৰীগুৰিৰ বাসিন্দা মুকুন্দ নাথ আৰু বেলগুৰিৰ সন্তোষ কুমাৰ বৰ্মন নামৰ দুজন ব্যৱসায়িক আৰক্ষীয়ে আটক কৰে। ধৃত সন্তোষ কুমাৰ বৰ্মনৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে আৰু এক কিলোগ্ৰাম ভাং জব্দ কৰে। সোধ পোচৰ বাবে আৰক্ষীয়ে দুয়োজন অভিযুক্তকে নিজৰ জিম্মাত ৰাখিছে।

July 8, 2024 12:16 PM

views 55

ৰাজ্যত নিটি আয়োগৰ ‘সম্পূৰ্ণতা অভিযান’ অব্যাহত, বাক্সা জিলাত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে যোৱা পহিলা জুলাইৰ পৰা বাক্সা জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কালি সন্ধিয়া প্ৰচাৰিত আকাশবাণী গুৱাহাটীৰ চলন্তিকা অনুষ্ঠানত আয়ুক্ত কৃষ্ণা বৰুৱাই জিলাখনত ৰূপায়ণ হৈ থকা সম্পূৰ্ণতা অভিযানৰ খতিয়ান দাঙি ধৰে। আয়ুক্তগৰাকীয়ে সদৰি কৰা মতে বাক্সা জিলাত এই অভিযান এক জুলাইৰ পৰা ৩০ ছেপ্তেম্বৰলৈ চলিব। ছটা বিভাগত কেন্দ্ৰীয় চৰকাৰে দিয়া লক্ষ্য নিৰ্ধাৰণৰ বাবে জিলা প্রশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আয়ুক্তগৰা...