June 2, 2024 8:16 PM

views 59

বাক্সা জিলাৰ শিমলাগুৰিত আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযান, এজন গ্ৰেপ্তাৰ

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলাগুৰিত আজি আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী অভিযান চলাই গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিশেষ সূত্ৰৰ পম খেদি শিমলাগুৰি অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে গোবিন্দপুৰৰ নিবাসী সৰবৰাহকাৰীজনক এখন পান দোকানৰ পৰা আটক কৰে। অঞ্চলটোত গাঞ্জা তথা অন্যান্য মাদক দ্রব্য সৰবৰাহৰ বিষয়ে তথ্য লাভৰ কাৰণে আৰক্ষীয়ে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে।

May 1, 2024 8:59 PM

views 91

বাক্সাৰ শালবাৰীত বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন

বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত খাম চিফুঙৰ তালে তালে বড়ো যুৱতীসকলে বাগৰুম্বা নৃত্য কৰা দৃশ্যই সকলোকে আপ্লুত কৰে। আবেলিৰ ভাগত বৈশাগু নৃত্য প্ৰতিযোগিতা, মুকলি সভা আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।