October 26, 2024 8:16 PM

views 46

‘ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ অংশগ্রহণ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত অংশগ্রহণ কৰে। এই অনুষ্ঠানে শিক্ষাৰ সৈতে উদ্যোগক সমন্বিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ছেমি কণ্ডাক্টৰ খণ্ডৰ উদ্ভাৱনী আৰু ষ্টার্টআপৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ইয়াৰ লগতে সকলো শিক্ষানুষ্ঠানক শিক্ষা, গৱেষণা আৰু শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে ছেমি কণ্ডাক্টৰ উদ্যোগত সুফ...

October 26, 2024 7:54 PM

views 53

কাইলৈ ৰাজ্যৰ ২৮ খন জিলাত ৪২টা বিভাগৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লিখিত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ লগতে সকলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ ধাৰা ...

October 26, 2024 6:40 PM

views 55

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দুনী দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সুদক্ষ দবা খেলুৱৈ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক বিপুল শর্মাই প্রতিযোগিতাখন আজি উদ্বোধন কৰে। আজিৰ অনুষ্ঠানত জিলাখনৰ এসময়ৰ সুদক্ষ দবা খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকলক সম্বৰ্ধনা জনোৱা হয়।

October 26, 2024 6:19 PM

views 42

পোহৰৰ উৎসৱ দীপান্বিতা আৰু কালী পুজাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি

পোহৰৰ উৎসৱ দীপান্বিতা আৰু কালী পুজাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিভিন্ন জিলা প্ৰশাসনে সুৰক্ষিতভাৱে দীপান্বিতা উদযাপনৰ বাবে সজাগতাৰ সৃষ্টি কৰিছে। এই উৎসৱৰ সময়ত দুৰ্ঘটনাৰ পৰা হাত সাৰি থকাৰ লগতে জুইয়ে পোৰাৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ জ্যেষ্ঠ চিকিৎসক ডাঃ হীতেশ বৰুৱাই জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে।

October 17, 2024 6:30 PM

views 63

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন কৰা হৈছে। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই অসমৰ কৃষিজীৱী ৰাইজে কাতি বিহু উপলক্ষে সেৱা জনায়। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায় । কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদূলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰে । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাতি বিহুৰ সেৱা জ্ঞাপন কৰে। এটা বাৰ্তাত তেওঁ এই উৎসৱে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি আৰু ...

October 14, 2024 8:10 PM

views 63

বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণৰ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে পুৰস্কৃত কৰা হ'ব। আজি এটা বিবৃতিযোগে পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটা গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্র আৰু প্ৰকাশকক ৩ লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। ন...

October 14, 2024 8:05 PM

views 43

সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক

কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অলিম্পিক সন্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অনাগত সময়ত ৰাজ্যখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত প্রতিনিধিত্ব কৰিব পৰাকৈ অধিকসংখ্যক ক্রীড়া প্রতিভা পোহৰলৈ অনাৰ বাবে এটা কাৰ্যকৰী গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ক্রীড়া বিশেষজ্ঞ আৰু প্ৰবীন খেলুৱৈসকলক লৈ এই গোটটো গঠন কৰা হ'ব বুলি শ্রী সোণোৱালে প্ৰকাশ কৰে। তদুপৰি অনাগত ...

October 14, 2024 7:13 PM

views 22

শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ

শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যখনত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জৰুৰীকালীন সেৱা প্ৰদানকাৰী মৃত্যুঞ্জয় ১০৮ সেৱাই সদৰি কৰিছে। প্ৰতিষ্ঠানটোৱে আজি প্ৰকাশ কৰা অনুসৰি যোৱা ১১ অক্টোবৰত সৰ্বাধিক ১৫১টা আৰু ১২ অক্টোবৰত ১৮৭টা দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ ভিতৰত শোণিতপুৰ জিলাত সৰ্বাধিক ৬৬টা দুৰ্ঘটনা সংঘটিত হয়। কামৰূপ জিলাতো এই সময়ছোৱাত ৬০টা দুৰ্ঘটনা সংঘটিত হয়। ইপিনে পূজাৰ সময়ছোৱাত যোৱা ১২ৰ পৰা ১৪ অক্টোবৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কেজুৱেলিটিত ১২০টা পথ দুর্ঘটনা পঞ্জীভুক্ত হয়।...

October 14, 2024 6:57 PM

views 51

পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য আজি পুৱা পৰ্যটকৰ বাবে মুকলি কৰা হয়। বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযূষ হাজৰিকাই অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশী-বিদেশী পৰ্যটকৰ বাবে এইবাৰ ২০ খন জীপ ছাফাৰী আৰু ১৩টা বিভাগীয় হাতী ছাফাৰী সাজু কৰা হৈছে। উল্লেখযোগ্য যে সম্প্রতি ১০৭টা গঁড়, ৫ শতাধিক বনৰীয়া ম'হ, সহস্রাধিক বন গাহৰিৰ উপৰি প্ৰায় ৩৮৫টা প্ৰজাতিৰ দেশী- বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত অভয়াৰণ্যখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্য। আজি অভয়াৰণ্...

October 13, 2024 8:41 PM

views 46

ৰাজ্য চৰকাৰে ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অসমৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ দুহেজাৰ মেগাৱাটকৈ অধিক সন্মিলিত ক্ষমতাৰ কেইবাটাও বিদ্যুৎ প্রকল্প বর্তমান প্রস্তুতি পূৰ্ণ পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ২০২৭-২৮ বৰ্ষত ৰাজ্য চৰকাৰে এই প্ৰকল্পসমূহৰ জৰিয়তে দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা প্ৰকাশ কৰ...